Friday, September 30, 2022
HomeNews৭৪ সংখ্যক স্বাধীনতা দিৱস কাপত অসম ৰাইফলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপত অসম ৰাইফলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপত অসম ৰাইফলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অলিম্পিয়া প্ৰতিবেদন:

নগাৱত ফুটবলৰ বতাহ । ৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল । দুভৰিৰ ছন্দত জীপাল নুৰুল আমিন ষ্টেডিয়াম । অসম ৰাইফলছ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ।

নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অব্যাহত আছে ৭৪ সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত অসম ৰাইফলছ দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । প্ৰতিযোগিতাত অসম ৰাইফলছ বনাম যোৰহাট টাউন ক্লাবৰ মাজত সোমবাৰে অৰ্ধ-সমাপ্ত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখনৰ মঙলবাৰে দ্বিতীয়াৰ্ধৰ খেল অনুষ্ঠিত হয় যদিও কোনোটো দলেই নতুনকৈ গ’ল সংযোজন কৰিবলৈ সক্ষম নহ’ল ।

ফলত সোমবাৰে ডেভিদ লালৰিন চানাই ৪৫ মিনিটত দিয়া গ’লটোৱেই অসম ৰাইফলছ দলৰ বিজয়সূচক গ’লৰূপে পৰিগণিত হয় । উল্লেখনীয় যে, ধাৰাষাৰ বৰষুণৰ বাবে সোমবাৰে খেলখনৰ দ্বিতীয়াৰ্ধ অনুষ্ঠিত কৰিব পৰা নহ’ল । এই প্ৰতিযোগিতাৰ বুধবাৰে কোৱাৰ্টাৰ ফাইনেল লীগৰ প্ৰথমখন খেলত কেৰালাৰ লুকা ছ’কাৰ ক্লাবে নগাঁও লীগৰ চেম্পিয়ন সঞ্জীৱন সমাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments