Tuesday, October 4, 2022
HomeNews৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন: ৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল । কোৱাৰ্টাৰ ফাইনেল লীগত কেৰালাৰ লুকা চ’কাৰক হৰুৱাই নগাঁৱৰ সঞ্জীৱন সমাজৰ সম্পূৰ্ণ পইণ্ট ।

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৪ সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ গ্ৰুপ-‘ৱাই’ৰ বুধবাৰৰ খেলত নগাঁৱৰ লীগ চেম্পিয়ন সঞ্জীৱন সমাজে কেৰালাৰ লুকা চ’কাৰ ক্লাবক মোহনীয় প্ৰদৰ্শনৰে ১-০ গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । তুমুল প্ৰতিদ্বন্দ্বিতামূলক দিবা-নৈশ খেলখনৰ ২১ মিনিটতে সঞ্জীৱন সমাজৰহৈ লক্ষ্যজ্যোতি দাসে বিজয়সূচক গ’লটো দিয়ে ।

লুকা চ’কাৰ ক্লাবৰ গ’লৰক্ষকে সতীৰ্থলৈ দিয়া বল সঞ্জীৱন সমাজৰ সুযোগসন্ধানী খেলুৱৈ লক্ষ্যজ্যোতিয়ে লেফট ফ্লেংকত ক্ষিপ্ৰতাৰে নিজৰ আয়ত্তলৈ আনি আগুৱাই আহি বিপক্ষৰ গ’লৰক্ষকক শ’লথেকত পেলাই গ’লটো দিয়ে । বিৰতিৰ পিছত খেলখনত লুকা চ’কাৰ ক্লাবৰ খেলুৱৈসকলে সমতা স্থাপনৰ বাবে বিপক্ষৰ ৰক্ষণবিভাগত উপৰ্যুপৰি হেঁচা প্ৰয়োগৰে কেইবাটাও আক্ৰমণ ৰচনা কৰিছিল যদিও গ’ল দিবলৈ সক্ষম নহ’ল । বুধবাৰে সঞ্জীৱন সমাজৰ গ’লৰক্ষক ৰোহিত ৰয়ে সুন্দৰ ক্ৰীড়াশৈলী প্ৰদৰ্শনৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে । খেলখন পৰিচালনা কৰাত ৰেফাৰী নিৰ্মল ভটাচাৰ্যীক সহায় কৰে পবিত্ৰ বৰা, বাজু টিছ’ আৰু ঘনশ্যাম দাসে (চতুৰ্থ) । এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে কোৱাৰ্টাৰ ফাইনেল লীগৰ গ্ৰুপ-‘এক্ম’ৰ খেলত অসম ৰাইফলছে দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব
। (খেলৰ সময়-বিয়লি ৪.৩০ বজা) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments