Tuesday, October 4, 2022
HomeNews৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

 আছাম ৰাইফলছ বনাম যোৰহাট টাউন ক্লাবৰ মাজৰ খেল ধাৰাষাৰ বৰষুণৰ বাবে অৰ্ধ-সমাপ্ত

অলিম্পিয়া স্প’ৰ্টছৰহৈ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন: নগাঁও ক্ৰীড়া সংস্থাৰ সৌজন্যত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ঐতিহ্যমণ্ডিত সৰ্বভাৰতীয় ৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে আছাম ৰাইফলছ বনাম যোৰহাট টাউন ক্লাবৰ মাজত অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন বিৰতিৰ সময়তে ধাৰষাৰ বৰষুণৰ বাবে স্থগিত ৰাখিবলগীয়া হয় ।

সেই সময়লৈ ডেভিদ লালৰিন চানাই দিয়া গ’ল যোগে আছাম ৰাইফলছ দলটো ১-০ গ’লত আগবাঢ়ি আছিল । কলহৰ কাণে ঢলা বৰষুণৰ ফলত অৰ্ধ-সমাপ্ত খেলখনৰ দ্বিতীয়াৰ্ধ এতিয়া মঙলবাৰে বিয়লি ৪- ৩০ বজাত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে । সোমবাৰৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী দেবাশীষ মজুমদাৰক সহায় কৰে জীৱন গগৈ, পবিত্ৰ বৰা আৰু ৰূপম বৰদলৈ(চতুৰ্থ)য়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments