Thursday, July 7, 2022
HomeNews৭৬ বছৰতো যৌৱন ধৰি ৰখা কোন এই সদানন্দ গগৈ ?

৭৬ বছৰতো যৌৱন ধৰি ৰখা কোন এই সদানন্দ গগৈ ?

৭৬ বছৰতো যৌৱন ধৰি ৰখা কোন এই সদানন্দ গগৈ ?

অলিম্পিয়া প্ৰতিবেদন : আধুনিক জীৱনযাত্ৰাত অভ্যস্ত অনেক লোক অধিক পৰিমাণে স্বাস্থ্য সচেতন হৈছে । বহুতে যৌৱনক ধৰি ৰখাৰ বাবে নানান প্ৰচেষ্টা গ্ৰহণ কৰিছে । বৰ্তমান ভাৰতবৰ্ষত সক্ৰিয় ভাবে শৰীৰ চৰ্চা কৰি থকা আটাইতকৈ বৰ্ষীয়ান শৰীৰ চৰ্চাবিদজন যে এজন অসমীয়া সেইকথা আমি বহুতেই গমেই নাপাওঁ ।

যাৰ জীৱন শৈলীক লৈ লেখা প্ৰবন্ধ আমেৰিকাৰ আলোচনীত প্ৰকাশিত হৈছে সেইজন মানুহক চিনি পোৱা অসমীয়া মানুহৰ সংখ্যা হয়তো নিচেই তাকৰ হ’ব । তেওঁ এজন প্ৰচাৰ বিমুখ মানুহ । যিজন মানুহে পাঁচ বাৰকৈ মিঃ ইণ্ডিয়া ( মাষ্টাৰ্ছ ) খিতাপ আৰ্জন কৰিছে আৰু সেইজন তৰুণ তেজাল যুৱকৰ নাম হৈছে সদানন্দ গগৈ । তেওঁৰ বৰ্তমান বয়স হৈছে মাত্ৰ ৭৬ বছৰ ।

আৰু অধিক পঢ়ক

যিজনক এতিয়াও বয়সেও হাৰ মনাব পৰা নাই । চলিত সহস্ৰাব্দৰ আৰম্ভণিতে মুম্বাই অসম এছোচিয়েচনে বিহু পাতিছিল আৰু তাত এজন ব্যক্তিয়ে শৰীৰ প্ৰদৰ্শন কৰিছিল, সেই ব্যক্তিজনৰ নামেই হৈছে সদানন্দ গগৈ । তেওঁৰ সৈতে ঘনিষ্ঠ সকলৰ মতে যোৱা ২০ বছৰ ধৰি এই মানুহজনৰ দেখাত কোনো পৰিৱৰ্তন হোৱা নাই । এতিয়াও সেই আগৰ দৰেই তেজাল যুৱক । এই ৭৬ বছৰ বয়সতো তেওঁ কেনেকৈ যৌৱনটো ধৰি ৰাখিছে ? তেওঁ এজন সু কবি আৰু সাংঘাতিক ৰোমান্টিক কবিতা লিখে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

তেওঁ লিখা এটি কবিতা ” আমাৰ দিনৰ প্ৰেম’ । যিজন মানুহে সদায় আনন্দত থাকে তেওঁৱেই হৈছে “সদানন্দ”। যিটো সময়ত আমাৰ নতুন প্ৰজন্মৰ শৰীৰ চৰ্চাবিদসকলে বিদেশৰ বডী বিল্ডাৰসকলৰ কথা অধ্যয়ন কৰে সেই সময়ত তেওঁলোকে আমাৰ নিজৰেই আদৰ্শ স্বৰূপ সদানন্দ গগৈৰ কথা এবাৰলৈও মনত নেপেলায় ।

তেওঁ হ’ল বৰ্তমান ভাৰতবৰ্ষৰ আটাইতকৈ বৰ্ষীয়ান শৰীৰ চৰ্চাবিদ

তেওঁ হ’ল বৰ্তমান ভাৰতবৰ্ষৰ আটাইতকৈ বৰ্ষীয়ান শৰীৰ চৰ্চাবিদ আৰু যাক লৈ এতিয়া অন্য দেশৰ লোকে অধ্যয়ন কৰে । যিটো সময়ত নৱ প্ৰজন্মৰ শৰীৰ চৰ্চাবিদসকলে ষ্টেৰয়ড আদি গ্ৰহণ কৰে সেই সময়ত গগৈয়ে কিন্তু ভীম কল, আঠিয়া কল, লুথুৰী পিঠা আদি খোৱাৰ কথাহে কয় । তেওঁৰ মতে নিয়মিত ওজন নিয়ন্ত্ৰণ আৰু সঠিক পৰিমাণৰ পুষ্টিকৰ খাদ্যই হৈছে যৌৱনক ধৰি ৰখাৰ কিটিপ । এতিয়াও তেওঁ যথেষ্ঠ ওজন দাঙিব পাৰে আৰু গাৰ ছালখন সাইলাখ এজন ৪০-৪৫ বছৰীয়া লোকৰ দৰে মসৃণ ।

১৯৪৬ চনত নাজিৰা টাউনৰ পৰা ছয় মাইল দূৰৈৰ বামুণ পুখুৰী চাহ বাগিচাত জন্ম হৈছিল সদানন্দ গগৈৰ । নাজিৰা হায়াৰ চেকেণ্ডাৰী স্কুলত শিক্ষা আৰু ডিব্ৰুগড় কানৈ কমাৰ্চ কলেজৰ পৰা কলেজীয়া শিক্ষা শেষ কৰি ১৯৬৯ চনত কহিমা আৰু ১৯৭২ চনত তেওঁ অ’ এন জি চিৰ গাননিক বিভাগত চাকৰি লাভ কৰে । ১৯৭৭ চনত গাননিক বিষয়া হিচাপে পদোন্নতি পাই মুম্বাইলৈ বদলি হৈ আহে আৰু তেতিয়াৰ পৰাই মুম্বাইৰ নিগাজী বাসিন্দা হৈ আছে । বৰ্তমান তেওঁৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে । তেওঁৰ তিনিওজন পুত্ৰই কানাডাৰ বাসিন্দা আৰু কন্যা মুম্বাইৰ বাসিন্দা ।

তেওঁৰ শৰীৰ চৰ্চাৰ কৃতিত্ব সমূহ এনেধৰণৰ —-
মি: শিৱসাগৰ, ১৯৭২-৭৩ ,
মি: গুৱাহাটী বিশ্ববিদ্যালয়,
১৯৭৩-৭৪,
মি: আছাম ১৯৭৭,
মি: দেশবন্ধু, কলকাতা ১৯৭৭,
মি: মুম্বাই ( মাষ্টাৰ্ছ ), ১৯৯১/ ১৯৯৬–২০০৩,
মি: মহাৰাষ্ট্ৰ, (মাষ্টাৰ্ছ ) ১৯৯১/ ১৯৯৬-২০০৩, মুঠ ৯ বাৰ
মি: ৱেষ্টাৰ্ণ ইণ্ডিয়া (মাষ্টাৰ্ছ ), ১৯৯৭-২০০১
মি: ইণ্ডিয়া ( মাষ্টাৰ্ছ ) ১৯৯৮-২০০২ পাঁচবাৰ ;
মি: এছিয়া ( মাষ্টাৰ্ছ ) ত ভাৰতক ৪ বাৰ ( ভিয়েটনাম, প্ৰতিনিধিত্ব,
টাইৱান, হংকং, কোৰিয়া ) ;

Represented India in মি: ৱৰ্ল্ড ত ভাৰতক প্ৰতিনিধিত্ব, ১৯৯৮, বাৰ্চিলোনা

বৰ্তমান তেওঁ প্ৰতিযোগিতামূলক শৰীৰ চৰ্চাৰ পৰা অৱসৰ লোৱা ২০ বছৰৰ ওপৰ হ’ল যদিও নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ নিতৌ ব্যায়াম কৰে । তেওঁ সদায় তিনিটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সেই কেইটা হৈছে — আকাংক্ষা, শৃংখলাবদ্ধতা আৰু উৎসৰ্গিকৃত মনোভাৱ । তেওঁ বৰ ৰসিক মানুহ ।

লেখাটো প্ৰস্তুত কৰোতে
অসম ভৱন, মুম্বাইৰ ত্ৰিনয়ন সন্দিকৈৰ সহায় লোৱা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments