আমেৰিকাৰ বিখ্যাত মেগাজিন ফৰ্বছে ২০২০বৰ্ষৰ সৰ্বাধিক উপাৰ্জন কৰা ১০০ চেলিব্ৰেটিৰ তালিকা প্ৰকাশ কৰিছে। এই ১০০ জন চেলিব্ৰেটিৰ মাজত ক্ৰীড়া ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰি স্থান লাভ কৰিছে ৫ জন বিখ্যাত ক্ৰীড়াবিদে। ২০১৯বৰ্ষত উপাৰ্জনেৰে তালিকাৰ পঞ্চম স্থানত থকা টেনিছ তাৰকা ৰজাৰ ফেডেৰাৰে ২০২০ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ ফুটবল তাৰকা লিয়নেল মেছি, ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক অতিক্ৰম কৰিছে। ফেডেৰাৰে ২০২০বৰ্ষত প্ৰায় ৭৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে প্ৰায় ৭৭২কোটি আৰু লিয়নেল মেছিয়ে ৭৬৫ কোটি টকা উপাৰ্জন কৰি তালিকাত স্থান লাভ কৰিছে। ইয়াৰ উপৰিও এই তালিকাত স্থান লাভ কৰিছে ব্ৰাজিলৰ প্ৰফেছনেল ফুটবল তাৰকা নেইমাৰ আৰু আমেৰিকাৰ বাস্কেটবল খেলুৱৈ লেবৰণ জেমছে। তেওঁলোক দুজনে উপাৰ্জন কৰিছে ক্ৰমে ৭০৩কোটি আৰু ৬৪৯কোটি টকা।
২০২০ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা ১০ জন খেলুৱৈৰ তালিকাত নাই এজনো ক্ৰিকেটাৰৰ নাম। তালিকা অনুসৰি ২০২০ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত মেছি, ৰনাল্ডো, নেইমাৰকে ধৰি ৫ জন ফুটবলাৰ, এজন টেনিছ খেলুৱৈ আৰু এজন গ’ল্ফ খেলুৱৈ, তিনিজন বাস্কেটবল খেলুৱৈয়ে স্থান লাভ কৰিছে।