অলিম্পিয়াৰ প্ৰতিবেদন
আগন্তুক ৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ডিব্ৰুগড় জিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ ২৬ সংখ্যক বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা। সন্থাই ডিব্ৰুগড় জিলাৰ বাণীপুৰ খেল পথাৰত ৭ আৰু ৮ নৱেম্বৰত পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ কৰিব মাষ্টাৰ্ছ খেলুৱৈসকলৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ। ইয়াৰ পূৰ্বে সন্থাই ৭ নৱেম্বৰৰ পুৱা ৯ বজাৰ আগতেই অনূৰ্ধ ১৪ বছৰ ল’ৰা-ছোৱালীৰ উভয় শাখাতে ১০০ মিটাৰ, ৬০০ মিটাৰ দৌৰ, দীঘলজাপ আৰু অনূৰ্ধৰ ১৬ বছৰৰ বয়সৰ ল’ৰা-ছোৱালী উভয় শাখাতে ১০০ মিটাৰ, ১৫০০ মিটাৰ দৌৰ আৰু দীঘলজাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। ইয়াৰ পিছতে মাষ্টাৰ্ছ খেলুৱৈসকলৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
