Thursday, July 7, 2022
HomeNews৮১৯ কোটিৰ মালিক মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে ৩০ লাখ টকা প্ৰৱঞ্চনাৰ গোচৰ...

৮১৯ কোটিৰ মালিক মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে ৩০ লাখ টকা প্ৰৱঞ্চনাৰ গোচৰ ?

৮১৯ কোটিৰ মালিক মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে ৩০ লাখ টকা প্ৰৱঞ্চনাৰ গোচৰ ?

অলিম্পিয়া প্ৰতিবেদন:  ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ! বিহাৰৰ বেগুচৰাইৰ এখন থানাত ধোনীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই প্ৰৱঞ্চনাৰ গোচৰ । এটা প্ৰতিষ্ঠানে ৰুজু কৰা এই গোচৰৰ ভিত্তিত আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া । ঘটনাটোৱে এতিয়া দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ।

আৰু অধিক পঢ়ক

গোচৰ দাখিল কৰা প্ৰতিষ্ঠানটোৱে ৩০ লাখ টকাৰ এখন চেক বাউঞ্চ হোৱাৰ বাবেই দাখিল কৰিছে এই গোচৰ । যাৰ বাবে এতিয়া ৮১৯ কোটি টকা সম্পত্তিৰ মালিক ধোনীয়ে দিয়া ৩০ লাখ টকাৰ চেক বাউঞ্চ হোৱাৰ এই খবৰে সকলোৰে চকু কপালত তুলিছে । ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই খবৰ । সকলোৰে মাজত এই বিষয়ে চৰ্চাও হৈছে।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

কিন্তু এই ঘটনা সত্যনে ? দৰাচলতে এই ঘটনা আংশিকভাৱে সত্য যদিও সম্পূৰ্ণৰূপে এইয়া সত্য খবৰ নহয় । টীম ইণ্ডিয়াৰ বিশ্বকাপ জয়ী দলৰ প্ৰাক্তন অধিনায়ক তথা আই পি এলৰ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হোৱাৰ খবৰো সত্য । কিন্তু এই গোচৰৰ লগত ধোনীৰ প্ৰত্যক্ষভাৱে নাই কোনো সম্পৰ্ক।

৩০ লাখ টকাৰ চেক বাউঞ্চ হোৱাৰ বাবে পৰোক্ষভাৱেহে ধোনীৰ নাম এই গোচৰৰ সৈতে সাঙোৰ খাই পৰিছে । ভুক্তভোগী কেৱল ধোনীয়েই নহয়, তেওঁৰ সৈতে মুঠ ৮ জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ ।
এটা সাৰ কোম্পানীৰ সৈতে জড়িত হৈ থকাৰ বাবেই ধোনী এতিয়া আইনী মেৰপেচত সোমাই পৰিছে । ধোনীয়ে বিজ্ঞাপন দিয়া এটা সাৰ কোম্পানীয়ে আন এটা কোম্পানীক দিয়া চেক বাউঞ্চ হোৱাৰ বাবেই ধোনীকো এই গোচৰৰ মাজলৈ টানি অনা হৈছে ।

ধোনীৰ সৈতে মুঠ ৮ জন লোকৰ বিৰুদ্ধে বিহাৰৰ বেগুচৰাই আৰক্ষী থানাত এখন এজাহাৰ

অভিযোগ অনুসৰি নিউ গ্ল’বেল প্ৰডাক্ট ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীয়ে ভুক্তভোগী এছ কে এণ্টাৰপ্ৰাইজেছক ৩০ লাখ টকাৰ চেক দিছিল । সেই চেকখন বাউন্স হয় । যাৰ বাবে সেই প্ৰতিষ্ঠানটোৱে কিছু দিন পূৰ্বে ধোনীৰ সৈতে মুঠ ৮ জন লোকৰ বিৰুদ্ধে বিহাৰৰ বেগুচৰাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

এই এছ কে এণ্টাৰপ্ৰাইজেছে পূৰ্বে নিউ গ্ল’বেল প্ৰডাক্ট ইণ্ডিয়া লিমিটেডলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছিল । কিন্তু তেওঁলোকে তাৰ কোনো উত্তৰ নিদিলে । যাৰ বাবে এছ কে এণ্টাৰপ্ৰাইজেছে এখন এজাহাৰ দাখিল কৰে ।
এজাহাৰ দাখিল কৰা এছ কে এণ্টাৰপ্ৰাইজেছে ধোনীৰ নাম এজাহাৰত উল্লেখ কৰাৰ আঁৰৰ কাৰণ হৈছে প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা সাৰৰ বিজ্ঞাপনত আছে ধোনী । ইতিমধ্যে এই গোচৰৰ প্ৰথম শুনানি বেগুচৰাই আদালতত সোমবাৰে হৈ গৈছে । পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ২৮ জুন ।

উল্লেখ্য যে ধোনীৰ মুঠ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৮১৯ কোটি টকা । মহেন্দ্ৰ সিং ধোনি আজিৰ তাৰিখত বিশ্বৰ দ্বিতীয় ধনী ক্ৰিকেটাৰ । বিগত বৰ্ষত ধোনীয়ে উপাৰ্জন কৰিছে ৭৪.৪৯ কোটি টকা ।
বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা ধোনীয়ে বছৰে উপাৰ্জন কৰে ৫০ কোটিতকৈও অধিক ধন । আৰু এইজন ধোনীৰ বিৰুদ্ধে ৩০ লাখ টকাৰ প্ৰৱঞ্চনাৰ গোচৰ উত্থাপিত হোৱা এই বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । এটা বিজ্ঞাপনত অংশ লোৱাৰ বাবেই সেই প্ৰতিষ্ঠানে কৰা প্ৰৱঞ্চনাৰ বাবে ধোনীক সাঙুৰি লোৱা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments