Monday, October 3, 2022
HomeNews৮ এপ্ৰিলৰ পৰা গুৱাহাটীত প্ৰথম টেবুল টেনিছৰ প্রিমিয়াৰ লীগ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা

৮ এপ্ৰিলৰ পৰা গুৱাহাটীত প্ৰথম টেবুল টেনিছৰ প্রিমিয়াৰ লীগ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা

টেবুল টেনিছৰ প্রিমিয়াৰ লীগ

অলিম্পিয়া প্রতিবেদন

অহা ৮ ৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীত প্রথমবাৰলৈ অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্রিমিয়াৰ লীগ | নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ সৌজন্যত আয়োজিত এই প্রতিযোগিতাত ৰাজ্যৰ সকলোবোৰ আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব | ৰাজ্যখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই পেচাদাৰী প্রতিযোগিতাত ১৬ টা দলত প্রায় ২৫০ গৰাকী খেলুৱৈ থাকিব | প্রতিটো দলত থাকিব ১০ৰ পৰা ১২ গৰাকী খেলুৱৈ | গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত এক আটকধুনীয়া শৈলীৰে এই লীগ আয়োজন কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে । প্রথমবাৰৰ বাবে প্রতিগৰাকী খেলুৱৈক এবছৰৰ বাবে এক লাখ টকাৰ স্বাস্থ্য বীমাৰে সামৰি লোৱা হ’ব | তদুপৰি স্ক’ৰডেমী নামৰ এক শৈক্ষিক প্ৰতিষ্ঠানে চেম্পিয়ন দলক ব্ৰেণ্ড এম্বেচেদৰ ৰূপে গণ্য কৰিব আৰু প্ৰথম তিনিটা স্থানপ্ৰাপ্ত দলকে নগদ ধনৰ প্ৰাইজমানি প্ৰদান কৰিব । প্ৰথম টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা ১৬ টা দলৰ আটাইকে নগদ ধন প্ৰদান কৰা হ’ব বুলি জনাইছে আয়োজক সন্থাৰ কাৰ্যকৰী সভাপতি গৌতম হাজৰিকা আৰু সম্পাদক মানস প্ৰতিম দাসে । লীগৰ সকলো মেচ STUPA app যোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব ।
এক পেচাদাৰী পদ্ধতিৰে আৰম্ভ হ’বলগীয়া এই লীগত অংশগ্ৰহণ কৰা ১৬ টা দলক ক্ৰয় কৰিছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকে । দল আৰু দলৰ স্বত্তাধিকাৰীসকল হ’ল ক্ৰমে——-
১) জায়েণ্ট হুৱেলছ : অমিতাভ বৰা, নগাঁও
২) হপিং কেংগেৰু : অনিমেষ ৰয়, জ্যোতিৰ্ময় বৰভূঞা, শিলচৰ
৩) স্কেৰি শ্বাৰ্কছ : অনুপল বৰা, ডিব্ৰুগড়
৪) ছাইলেণ্ট প’লাৰ বিয়েৰ : কুকিল দত্ত, দুলীয়াজান
৫) গ্লাইডিং ঈগলছ : মদালসা বৰুৱা, গুৱাহাটী
৬) হাউলিং ৱল্ভছ : বিকাশ পাল, বিৰাজ ধৰ, শিলচৰ
৭) ফিয়েৰলেছ লায়নছ : যুগল কিশোৰ মহন্ত, ডিব্ৰুগড়
৮) ডমিনেটিং এলিফেন্টছ ঘৃতাশ্ৰী হাজৰিকা দাস, গুৱাহাটী
৯) লেজি পাণ্ডাছ : নিতুল আহমেদ, শিৱসাগৰ
১০) ব্লেক পেন্থাৰ্ছ : গীতাৰ্থ দাস, গুৱাহাটী
১১) লাইটনিং চিতাহ : প্ৰশান্ত বৰা, প্ৰশান্ত দত্ত, ডিব্ৰুগড়
১২) গ্ৰ’লিং গৰিলাজ : প্ৰয়াস ভাৰদ্বাজ, চিংকু ৰাজখোৱা, যোৰহাট /দুলিয়াজান
১৩) ইলুছিভ লিঅ’পাৰ্ডছ :
এম পি এ গ্ৰুপছ, গুৱাহাটী
১৪) ক্লেভাৰ ডলফিনছ : ৰঞ্জিতা শৰ্মা, গুৱাহাটী
১৫) ফেৰচিয়াছ টাইগাৰছ : বৰ্ণালী নাথ, গুৱাহাটী
১৬) হামবুল ৰাইনোছ : নিলাক্ষী দত্ত, গুৱাহাটী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments