চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হৈ আইপিএলৰ পৰা বাহিৰ হল বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। ইয়াৰ লগে লগে সামাজিক মাধ্যমত আৰম্ভ হৈছে ট্ৰল পৰ্ব। ৮ বছৰ ধৰি আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক হিচাপে থকা বিৰাটে এইবাৰো বিমুখ কৰিলে অনুৰাগীসকলক।
কালিৰ গুৰুত্বপূৰ্ণ মেচখনত অধিনায়ক বিৰাট কোহলিয়ে পৰীক্ষামুলকভাৱে বেটিং অৰ্ডাৰ সালসলনি কৰি নিজেই অপেনিং কৰিবলৈ আহি দলক সুন্দৰ আৰম্ভণি দিবলৈ ব্যৰ্থ হোৱাত এতিয়া প্ৰাক্তন ক্ৰিকেটাৰৰ সমালোচনাৰো সন্মুখীন হৈছে বিৰাট। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফুৰক বেটছমেন তথা কলকাতা নাইটৰাইডাৰ্ছৰ প্ৰাক্তন অধিনায়ক গৌতম গম্ভীৰে সমালোচনাৰ উৰ্ধত গৈ অধিনায়কৰ পদৰ পৰা অব্যাহতি লব লাগে বুলি মতামত প্ৰদান কৰিছে। গম্ভীৰে কৈছে যে ৮ বছৰ ধৰি অধিনায়ক হৈ থকাৰ পিছতো এটাও ট্ৰ্ফী জয় কৰিবলৈ সক্ষম নোহোৱা বিৰাট কোহলীয়ে অধিনায়কৰ পদ ত্যাগ কৰিব লাগে।
ইয়াৰ উপৰিও গম্ভীৰে অতি তীক্ষ্ণ ভাষাৰে বিৰাটক সমালোচনা কৰি কয় যে, অধিনায়কৰ কথা বাদ দিয়ক। মোক এনে এজন খেলুৱৈ দেখুৱাই দিয়ক যিয়ে ৮ বছৰ ধৰি এটা দলৰ হৈয়ে খেলি আছে কিন্তু এটাও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া বিৰাটে সকলো অভিযোগ কাণ পাতি শুনি অধিনায়কৰ পদৰ পৰা অব্যাহতি লব লাগে।