৯ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ চৰাইদেউ জিলাৰ মৰাণত অনুষ্ঠিত হ’ব সপ্তম সদৌ অসম আন্তঃজিলা শক্তি উত্তোলক প্ৰতিযোগিতা। মৰাণ জিম ক্লাব আৰু ডিব্ৰুগড় জিলা ফিজিকেল কালচাৰ এছ’চিয়েচনৰ উদ্দ্যোগত মৰাণৰ ঠাকুৰবাৰী নাট্য মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা উভয় শাখাতে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
ছাব-জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু মাষ্টাৰ এই কেইটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখকনত যিসমূহ জিলাই অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ মাচুল হিচাপে ৩০০ টকা আদায় দিব লাগিব।ইয়াৰ উপৰিও পৰিচয় পত্ৰৰ বাবদ (নতুন পঞ্জীয়নৰ ক্ষেত্ৰত) ২০০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে প্ৰতিযোগিসকলে ২ খনকৈ পাছপ’ৰ্ট চাইজ ফটো আৰু জন্ম প্ৰমান পত্ৰ জমা দিব লাগিব।
অসম শক্তিউত্তোলক সন্থাই জনোৱা মতে প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী জিলাই ২৯ মাৰ্চৰ ভিতৰত পঞ্জিয়ন কৰিব লাগিব।