Monday, October 3, 2022
HomeNewsৰঙালীত পৰম্পৰাগত খেল

ৰঙালীত পৰম্পৰাগত খেল

অলিম্পিয়া প্ৰতিবেদন

পৰম্পৰাগত খেলত জীপাল খানাপাৰা ফিল্ড । বিভিন্ন জনে আমেজ লৈছে থলুৱা খেলৰ । ৰঙালীত আপুৰুগীয়া খেলসমূহক জীয়াই ৰক্ষাৰ প্ৰয়াস ।

বহাগ বিহুৰ প্ৰাকক্ষণত খানাপাৰা খেলপথাৰত অনুষ্ঠিত হৈছে ৰঙালী মহোৎসৱ । বাৰেৰহণীয়া সংস্কৃতি আৰু থলুৱা বজাৰ সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে বেচৰকাৰী প্ৰতিষ্ঠান ৰঙালীৰ হৈ শ্যামকানু মহন্তই । আয়োজন কৰি আহিছে বৰ্ণাঢ্য কাৰ্যসূচী । একে সময়তে বিহু, ভাওনা ষ্টেজ, খাদ্য আৰু ‘ভকেল ফৰ লোকেল’ বৃহৎ প্ৰদৰ্শনীত লোকে লোকাৰণ্য হৈ পৰিল খানাপাৰা । ইয়াৰ মাজতে ৰঙালীত দেখা গল এক ক্ৰীড়াৰ সুন্দৰ পৰিবেশ । ডাইৰেক্টৰ অৱ স্পটৰ্ছৰ দ্বাৰা ৰঙালীৰ প্ৰাংগনত অনুষ্ঠিত হ’ল পৰম্পৰাগত খেল-ধেমালী । ৰঙালীত সংযোজন ঘটিল টেকেলী ভঙা, খলি গুটি, বাঁহ টনা আদি পৰম্পৰাগত খেল-ধেমালী । ৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা খেল অব্যাহত থাকিব অহা ১০ এপ্ৰিললৈকে । ৰঙালীৰ মাদকতা উপভোগ কৰিবলৈ অহা দৰ্শকে আমেজ লৈছে এই পৰম্পৰাগত খেলৰ । পাহৰণিৰ গৰ্ভত বিলীন হোৱাৰ পথত থকা খেলসমূহ খেলি উপস্থিত সকলো ঘূৰি গৈছে অতীতৰ সোণালী দিনলৈ ।
সকলো বয়সৰ লোকে খেলিব পাৰিব এই খেল ।এই সম্পৰ্কে জনালে ডাইৰেক্টৰ অৱ স্পৰ্টছৰ ভলীবল আৰু খো-খোৰ প্ৰশিক্ষক তৰুলতা শৰ্মাই ।

টেকেলী ভঙা, খলি গুটি আৰু বাঁহ টনা খেলসমূহ পৌৰাণিক খেল । ইয়াৰ ভিতৰত বাঁহ টনা খেলবিধ দুজন প্ৰতিযোগীৰ মাজত বাহুবলৰ প্ৰতিযোগিতা হয় । তিনিওটা খেলৰ নীতি -নিয়মসমূহ বাখ্যা কৰিলে ডাইৰেক্টৰ অৱ স্পৰ্টছৰ খো-খোৰ ফিজিকেল প্ৰশিক্ষক গোবিন্দ কলিতাই ।

উল্লেখযোগ্য যে,আগন্তুক ৰঙালী বিহুৰ লগত সংগতি ৰাখি দৰ্শকৰ মনোৰঞ্জনৰ বাবে এনে পৰম্পৰাগত খেল অনুষ্ঠিত কৰিলেও আয়োজকৰ লক্ষ্য কিন্তু মহৎ । পুৰণি খেলসমূহক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়কৰণ কৰাৰ প্ৰচেষ্টাৰে খেলসমূহক পুনৰ উদ্ধাৰৰ ওপৰত গুৰুত্বাৰোপ কৰিছে ডাইৰেক্টৰ অৱ স্পৰ্টছে । এনে খেলসমূহ অসমৰ বিভিন্ন প্ৰান্তত দেখা যায় যদিও ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰচেষ্টা চলি আছে । ডাইৰেক্টৰ অৱ স্পৰ্টছৰ এনে পদক্ষেপে লক্ষ্যত উপনীত কৰিব বুলি আশাবাদী ডাইৰেক্টৰ অৱ স্পৰ্টছৰ ফুটবল প্ৰশিক্ষক ইক্ৰামূল মজিদ ।

ৰঙালীৰ দৰে এক বৃহৎ অনুষ্ঠানত পৰম্পৰাগত খেলৰ ধাৰণা সন্নিৱিষ্ট কৰাত ক্ৰীড়ামোডীয়ে প্ৰশংসা কৰিছে ডাইৰেক্টৰ অৱ স্পৰ্টছক । ক্ৰীড়া অনুৰাগীৰ আশা — এনে পদক্ষেপে নতুন প্ৰজন্মক অসমৰ ক্ৰীড়াৰ শিপাডাল স্পৰ্শ কৰাত সহায় কৰিব । ন ৰূপৰে অসমৰ ক্ৰীড়াঙ্গনত উদ্ভাষিত হওক পুৰণি যাউতিযুগীয়া পৰম্পৰাগত খেলসমূহ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments