Monday, October 3, 2022
HomeNewsৰঙালী বিহুত মতলীয়া অসমবাসীৰ বাবে এটা বেয়া খবৰ : গুৱাহাটীত নহয় ফিফা...

ৰঙালী বিহুত মতলীয়া অসমবাসীৰ বাবে এটা বেয়া খবৰ : গুৱাহাটীত নহয় ফিফা ১৭ অনুৰ্দ্ধ মহিলা বিশ্বকাপ

অলিম্পিয়া প্রতিবেদন

ৰঙালী বিহুৰ আনন্দত অসমবাসী মতলীয়া হৈ থকাৰ সময়তে আহিল এক দুঃসংবাদ । কাৰণটো হ’ল গুৱাহাটীত অনুষ্ঠিত নহয় ফিফা ১৭ বছৰ অনুৰ্দ্ধ মহিলাৰ বিশ্বকাপ ফুটবল টুৰ্ণামেণ্ট । চলিত বছৰৰ শেষভাগত অৰ্থাৎ ১১ৰ পৰা ৩০ অক্টোবৰলৈ ভাৰতত অনুষ্ঠিত হ’ব এই বিশ্বকাপ টুৰ্ণামেণ্ট । ইতিপূৰ্বে গুৱাহাটীকে ধৰি দেশৰ ৫ টা স্থানত এই টুৰ্ণামেণ্টৰ বিভিন্ন গ্রুপৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল। ১৭ অনূৰ্দ্ধ মহিলা বিশ্বকাপৰ স্থানীয় সাংগঠনিক কমিটি ( এল অ’ চি )য়ে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প সংৰক্ষিত কৰি ৰখাৰ বাবে অনুৰোধ কৰিছিল । গুৱাহাটীৰ লগতে কলকাতা , মুম্বাই , ভুৱনেশ্বৰ আৰু গোৱাত বিশ্বকাপৰ বিভিন্ন গ্ৰুপ মেচসমূহ অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল । কিন্তু যোৱা ১৩ এপ্ৰিল বুধবাৰে ফিফাৰ এক ঘোষণা অনুসৰি এই বিশ্বকাপ ভাৰতৰ তিনিটা স্থানতহে অনুষ্ঠিত হ’ব। সেয়া হ’ল ভুৱনেশ্বৰ , গোৱা আৰু নৱী মুম্বাই । আয়োজক দেশ হিচাপে ভাৰতে এই বিশ্বকাপত অংশগ্ৰহণ কৰিব । অহা ২৪ জুনত ফিফাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জুৰিখত এই বিশ্বকাপৰ ড্ৰ অৰ্থাৎ গ্ৰুপসমূহ নিৰ্ণয় কৰা হ’ব । লক্ষণীয় যে কোভিড মহামাৰীৰ বাবে ২০২০ ত অনুষ্ঠিত হবলগা এই বিশ্বকাপৰ দিন চলিত বৰ্ষৰ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছিল । ফিফা , সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু স্থানীয় সাংগঠনিক কমিটি (এল ও চি) য়ে ব্যাপক পৰ্যালোচনা আৰু পৰামৰ্শ কৰাৰ পাছত দেশৰ তিনিটা স্থান নিশ্চিত কৰে । এতিয়া বিশ্বকাপ অনুষ্ঠিত হ’বলগা ভেন্যুসমূহ হ’ল — ভুৱনেশ্বৰ কলিংগ ষ্টেডিয়াম , গোৱাৰ পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম । এই বিশ্বকাপত মুঠ ১৬ টা দলে অংশ ল’ব । এই পৰ্যন্ত আয়োজক ভাৰতৰ উপৰি ব্ৰাজিল , চিলি , চীন , কলম্বিয়া , জাপান আৰু নিউজিলেণ্ডে অংশগ্ৰহণ নিশ্চিত কৰিছে । আনবোৰ দলো শীঘ্ৰে নিৰ্ণয় হোৱাৰ পথত ।
গুৱাহাটীত বিশ্বকাপৰ মেচ অনুষ্ঠিত নোহোৱাটো অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিঃসন্দেহে এক বেয়া খবৰ । কাৰণ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ইয়াৰ পূৰ্বে ১৭ বছৰ অনুৰ্দ্ধ পুৰুষ বিশ্বকাপ অনুষ্ঠিত হৈছিল । তেতিয়া অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীয়ে বিশ্বকাপ ফুটবলৰ মেচ উপভোগ কৰাৰ সুযোগ লাভ কৰিছিল । ফিফাৰ অনুৰোধ ৰক্ষা কৰি সৰুসজাই ক্ৰীড়া প্ৰকল্প ৰাজ্য চৰকাৰে সংৰক্ষিত কৰি ৰখাৰ ফলত ৰাজহ সংগ্ৰহৰো বাট বন্ধ হৈছিল । এই বিষয়ে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়াও স্পষ্ট নহয় । বিষয়টো সম্পৰ্কত অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ ব্ৰহ্মৰ সৈতে যোগাযোগ কৰাত তেওঁ জনোৱা অনুসৰি এই পৰ্যন্ত স্থানীয় আয়োজক কমিটিয়ে কোনোধৰণৰ লিখিত পত্ৰ অসম চৰকাৰক প্ৰদান কৰা নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments