ৰ’নাল্ডোৰ বিৰুদ্ধে ধষৰ্ণৰ অভিযোগ তোলা মডেলে ক্ষতিপূৰণ দাবী কৰিলে ৫৮০ কোটি

পৰ্তুগিজ উইংগাৰ তথা জুভেণ্টাছৰ তাৰকা ফুটবলাৰ ৰ’নাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি ২০১৮ চনত সংবাদ শিৰোনাম দখল কৰিছিল এগৰাকী মাৰ্কিন মডেলে। এইবাৰ পুনৰ সেই একেগৰাকী মডেল আৰু সেই একেটা ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ সংবাদ শিৰোনাম দখলৰ কাৰণ হ’ল ধৰ্ষণৰ ক্ষতিপূৰণ হিচাবে কেথৰিনে দাবী কৰা অৰ্থৰ পৰিমাণ।

কেথৰিন মায়োৰগা নামৰ মাৰ্কিন মডেল গৰাকীয়ে ৰ’নাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি ৫৬ মিলিয়ন পাউণ্ড অৰ্থাৎ ভাৰতীয় টকাৰ হিচাবত ৫৮০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে। এই বৃহৎ পৰিমাণৰ ধন ৰ’নাল্ডোৱে জুভেণ্টাছৰ পৰা লাভ কৰা দুবছৰৰ পাৰিশ্ৰমিকৰ সমান।

সম্প্ৰতি কেথৰিনে আদালতত দাখিল কৰা কিছু কাগজ পত্ৰ ৰাজহুৱা হৈছে। য’ত মডেল কেথৰিনে এই বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত মানসিক যন্ত্ৰণাৰ ক্ষতিপূৰণ হিচাবে ৫৪ মিলিয়ন আৰু অন্যান্য খৰচ ১.৪ মিলিয়ন, আইনী খৰচ ১.১ মিলিয়ন পাউণ্ড দাবী কৰা হৈছে। অৱশ্যে ৰ’নাল্ডোৰ ফালৰ পৰা এই বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰা, নকৰাৰ প্ৰসঙ্গত একো কথা জানিব পৰা হোৱা নাই।

২০১৮ চনত ৰ’নাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলিছিল মডেল কেথৰিনে। তেওঁ অভিযোগ কৰিছিল ২০০৯ চনত তেওঁক ধৰ্ষণ কৰিছিল ৰ’নাল্ডোৱে। কিন্তু ৰ’নাল্ডোৱে কেথৰিনৰ এই অভিযোগ খণ্ডণ কৰিছিল। ৰ’নাল্ডোৱে সেই সময়ত কৈছিল যে, সংবাদ শিৰোনাম দখল কৰিবলৈয়ে মডেল গৰাকীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *