Monday, July 4, 2022
HomeNewsৰবাৰ্ট লেৱাণ্ড'ছকি আৰু লুচি ব্ৰঞ্জ ফিফাৰ বৰ্ষ শ্ৰেষ্ঠ খলুৱৈ

ৰবাৰ্ট লেৱাণ্ড’ছকি আৰু লুচি ব্ৰঞ্জ ফিফাৰ বৰ্ষ শ্ৰেষ্ঠ খলুৱৈ

বেয়াৰ্ণ মিউনিখৰ ৰবাৰ্ট লেৱানড’ছকিয়ে লাভ কৰিছে ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। তাৰকা ফুটবলাৰ লিয়নেল মেছি, ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক চেৰ পেলাই ৰবাৰ্টে কেৰিয়াৰত পোন প্ৰথমবাৰৰ বাবে লাভ কৰিলে এই সন্মান। ৩২ বৰ্ষীয় ৰবাৰ্টে যোৱা চিজনত ৪৭ খন মেচত ৫৫ টা গ’ল কৰিবলৈ সক্ষম হৈছিল। আনহাতে মানচেষ্টাৰ চিটিৰ ডিফেণ্ডাৰ লুচি ব্ৰঞ্জে লাভ কৰিছে বৰ্ষ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান।

ইয়াৰ উপৰিও লিভাৰপুলৰ যুৰগেন কল্পে শ্ৰেষ্ঠ প্ৰশিক্ষক, বেয়াৰ্ণ মিউনিখৰ গ’লৰক্ষক মেনুৱেল নুৱেৰে লাভ কৰিছে শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ বঁটা। আনহাতে শ্ৰেষ্ঠ গ’লৰ বঁটা লাভ কৰিছে চন হিউং মিনচে।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৭ বছৰ অতিক্ৰম কৰা ৰবাৰ্ট লেৱানড’ছকিয়ে এই খিতাপ জয় কৰি কয় যে, যদি আপোনাৰ প্ৰতিদ্বন্দিতা ৰ’নাল্ডো আৰু মেছিৰ দৰে মহান ফুটবলাৰৰ লগত হয় আৰু তথাপিও আপুনি এই সন্মানৰ দাবীদাৰ হৈ উঠে বাস্তৱিকতে এয়া বিশ্বাস কৰা কঠিন হৈ পৰে। মই হে জানোঁ এই সন্মান মোৰ বাবে কিমান মূল্যবান হিচাপে বিবেচিত হৈছে।

ইয়াৰ উপৰিও তেওঁ কয়, বহুত আগতে এনেধৰণৰ বঁটা বা কথাৰ বিষয়ে কেৱল মাত্ৰ চিন্তা হে কৰিছিলোঁ। আজি এয়া মই লাভ কৰিছোঁ সেয়ে বিশ্বাস কৰিব টান হৈছে। এয়া মোৰ বাবে বহুত মহত্বপূৰ্ণ। এই সময়ত এয়া বিশ্চাৰ্য নহয় যে আপুনি ক’ৰ পৰা আহিছে। এয়া হে বিচাৰ কৰা হয় আপুনি কি কৰি দেখুৱাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments