ৰবিচন্দ্ৰন অশ্বিনৰ বাবেই হাৰিল নেকি ৰাজস্থান !
অলিম্পিয়া প্ৰতিবেদন: ৰবিচন্দ্ৰন অশ্বিনৰ বাবেই হাৰিল নেকি ৰাজস্থান ৰয়েলছ ! গুজৰাটৰ বিৰুদ্ধে খেলা আই পি এল-২০২২ৰ অন্তিম তথা ফাইনেলত আৰ আশ্বিনে বেটিং আৰু বলিং কোনোটো দিশতে আশাব্যঞ্জক প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল । টুৰ্ণামেণ্টৰ পূৰ্বৰ মেচ কেইখনত বলিঙৰ উপৰি বেটিঙত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা অশ্বিনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই দলটোৱে ফাইনেলত পৰাজিত হ’ল ! এই কথা আমাৰ নহয় । প্ৰতিযোগিতাখন শেষ হোৱাৰ পিছতেই সৃষ্টি হোৱা বিবাদে এই কথাক চৰ্চাৰ মাজলৈ লৈ আনিছে ।
ৰাজস্থান ৰয়েলছে ফাইনেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাজয়ৰ সৈতে ২০২২ ছিজনটো সমাপ্ত কৰিলে । ফাইনেলখনত প্ৰথমে বেটিং কৰিবলৈ আহি মাত্ৰ ১৩০ ৰাণ সংগ্ৰহ কৰিয়েই ৰাজস্থান সন্তুষ্ট থাকে । এই সহজ লক্ষ্য সন্মুখত লৈ গুজৰাটে আশা কৰা ধৰণে মেচখনৰ শেষত বিজয়ৰ মুকুট পৰিধান কৰে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ল’ স্কৰিং মেচখনত ৰাজস্থানে বলিং কৰিবলৈ আহি প্ৰথমে গুজৰাটৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছিল যদিও ৰাজস্থানৰ বলিং বিভাগে সেই প্ৰত্যাহ্বান বেছি সময় ৰাখিব নোৱাৰিলে । অতি সহজেই ৰাজস্থানৰ প্ৰতিটো বলিং আক্ৰমণক হেলাৰঙে অতিক্ৰম কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।
প্ৰথমে বেটিং কৰা ৰাজস্থানৰ হৈ পঞ্চম স্থানত বেটিং কৰিবলৈ আহিছিল ৰবিচন্দ্ৰন অশ্বিন । পূৰ্বৰ মেচসমূহত দলৰ স্কৰ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল অশ্বিনে । তেওঁৰ বেটৰ পৰা ৰাণ আশা কৰা মতেই আহিছিল । কিন্তু ফাইনেলখনত ১২ নং অভাৰত অশ্বিনে বিশেষ প্ৰভাৱ পেলাব নোৱাৰাকৈয়ে পেভেলিয়নলৈ ঘূৰি আহিছিল ।
ঠিক সেইদৰে বলিং কৰিবলৈ আহিও অশ্বিনে ৩ অভাৰত এটাও উইকেট নোলোৱাকৈ ৩২ ৰাণ ব্যয় কৰে । অশ্বিনৰ এনে প্ৰদৰ্শনে হতাশ কৰিছে দলটোৰ সঞ্চালক কুমাৰ ছাংগাকাৰাক । ছাংগাকাৰাই অশ্বিনক অফস্পিন উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে — যাক লৈ এতিয়া নতুন বিতৰ্কৰ সূচনা হৈছে ।
সংবাদমেলত অশ্বিনক ‘কিংবদন্তী’ বুলি আখ্যা দি ছাংগাকাৰাই কয় যে, “অশ্বিনে আমাৰ বাবে ভাল প্ৰদৰ্শন কৰিছে। খেলপথাৰত ক্ৰিকেট খেলি অশ্বিনে বহু সফলতা লাভ কৰিছে । তেওঁ নিঃসন্দেহে এজন কিংবদন্তি । কিন্তু তেওঁৰ দৰে কিংবদন্তিসকলেও বহু দিশৰ ওপৰত চিন্তা কৰিব লাগিব । বহু দিশ আৰু উন্নত কৰিব লাগিব। বিশেষকৈ, তেওঁ অফস্পিন উন্নত কৰিব লাগিব ।‘’
ছাংগাকাৰাৰ এই মন্তব্যৰ পিছতে এতিয়া অশ্বিন আৰু তেওঁৰ মাজত বিভেদৰ ইংগিত প্ৰদান কৰিছে । স্বাভাৱিকতে যিকোনো বিষয়ৰ ওপৰতে প্ৰত্যুত্তৰ দিবলৈ চিন্তা নকৰা অশ্বিনে ছাংগাকাৰাৰ এই মন্তব্যৰ কিদৰে উত্তৰ দিয়ে সেয়া হ’ব লক্ষ্যণীয় ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ ৬৫০ তকৈও অধিক উইকেট আছে । আই পি এলত লাভ কৰা উইকেটৰ সংখ্যাও ১৫০ তকৈও অধিক । অৱশ্যে তেওঁৰ বিষয়ে ছাংগাকাৰাৰ মন্তব্যই দলটোত মৃদু বিভেদৰ ইংগিত দিয়ে ।