Tuesday, July 5, 2022
HomeNewsৰবি শাস্ত্ৰীৰ মতে সৌৰভ গাংগুলীৰ নাই কোনো ভূমিকাঃ IPL ৰ সফলতাৰ ক্ৰেডিট...

ৰবি শাস্ত্ৰীৰ মতে সৌৰভ গাংগুলীৰ নাই কোনো ভূমিকাঃ IPL ৰ সফলতাৰ ক্ৰেডিট পালে জয় শ্বাহ আৰু ব্ৰীজেশ পেটলে

কৰ’না মহামাৰীৰ বাবে বিভিন্ন প্ৰতিবন্ধকতাকো নেওচি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সুদূৰ ইউএইত সফলভাবে অনুষ্ঠিত কৰিলে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ। বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, আইপিএলৰ গৱৰ্ণিং কাউন্সিল অধ্যক্ষ ব্ৰীজেশ পেটলকে প্ৰমুখ্যে কৰি সকলো বিষয়ববীয়াই প্ৰতিযোগিতাখন সফল কৰিবলৈ প্ৰথমৰে পৰা ইউ এ ইত বাহৰ পাতিছিলগৈ। পিছে আইপিএলৰ এই সফলতাত বিচিচিআইৰ অধ্যক্ষ্য সৌৰভ গাংগুলীৰ কোনো ভূমিকা দেখা নাপালে ভাৰতীয় ক্ৰিকেট দলৰ হা‌ই প্ৰফাইল প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে।

আইপিএলৰ সফলতাৰ পিছত শাস্ত্ৰীয়ে এক টুইটৰ জৰিয়তে বিচিচিআইৰ সচিব জয় শ্বাহক প্ৰশংসাৰে উপচাই পেলিছে। ইয়াৰ উপৰিও তেওঁ আইপিএলৰ গৱৰ্ণিং কাউন্সিলৰ অধ্যক্ষ ব্ৰীজেশ পেটেল,অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হেমাং আমীন, মেডিকেল ষ্টাফ আদিক প্ৰশংসা কৰিছে। কিন্তু তেওঁ সৌৰভ গাংগুলীৰ নাম লবলৈ পাহৰিলে।

ৰবি শাস্ত্ৰীৰ এই কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে দেশৰ ক্ৰিকেট অনুৰাগীসকল। সকলোৱে ইচ্ছাকৃতভাৱে এনে কাৰ্য কৰাৰ বাবে ৰবি শাস্ত্ৰীক ককৰ্থনা কৰিছে। মনকৰিবলগীয়া যে সফলভাবে আইপিএল সমাপ্ত কৰাৰ বাবে সৌৰভ গাংগুলীক অভিনন্দন জনাইছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ন সহিতে বিদেশৰ ক্ৰিকেটাৰসকলে। তেনে ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে সৌৰভৰ নাম নোলোৱাত নেটিজেনসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাস্ত্ৰীক।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ লগত প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ২০১৬চনৰ পৰাই সম্পৰ্ক ঠিক নহয়। সেই সময়ত গাংগুলী ব’ৰ্ডৰ উপদেষ্টা আছিল। সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ টেকনিকেল ডাইৰেক্টৰ ৰবি শাস্ত্ৰীয়ে প্ৰশিক্ষকৰ বাবে কৰা আবেদনক নাকচ কৰি অনিল কুম্বলেক মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচন কৰিছিল গাংগুলীয়ে। তেতিয়াৰে পৰা দুয়োৰে মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments