Tuesday, October 4, 2022
HomeNewsৰবীন্দ্ৰ জাডেজাৰ স্কী বৰ্ডৰ আঘাতত লৈ বিচিচিআইৰ বিষয়াসকল অসন্তুষ্ট

ৰবীন্দ্ৰ জাডেজাৰ স্কী বৰ্ডৰ আঘাতত লৈ বিচিচিআইৰ বিষয়াসকল অসন্তুষ্ট

ৰবীন্দ্ৰ জাডেজাৰ স্কী বৰ্ডৰ আঘাতত লৈ বিচিচিআইৰ বিষয়াসকল অসন্তুষ্ট

অলিম্পিয়া প্ৰতিবেদন: ৰবীন্দ্ৰ জাডেজা আঘাতপ্ৰাপ্ত । টি- ২০ বিশ্বকাপৰ পূৰ্বে স্কী বৰ্ডৰ আঘাতত বিচিচিআইৰ বিষয়াসকল অসন্তুষ্ট । সমাগত টি -২০ বিশ্বকাপ । ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ আঘাতে বিমোৰত পেলাইছে বিচিচিআইক । এছিয়া কাপত হংকঙৰ বিৰুদ্ধে মেচৰ পূৰ্বে স্কী বৰ্ডত আঘাতপ্ৰাপ্ত হৈছিল অলৰাউণ্ডাৰ গৰাকী ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি স্কী বৰ্ডৰ অনুশীলনত আঁঠু পাক খাই জাডেজা পিছলি পৰিছিল । যাৰ ফলত অস্ত্রোপচাৰৰ প্ৰয়োজন হয় । ফলত এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচসমূহত দলত নাথাকিল জাডেজা । ইতিমধ্যে মুম্বাইত জাডেজাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে । নিজৰ ছচিয়েল মিডিয়া যোগে জাডেজাই অনুৰাগীসকলক তেওঁ খেললৈ প্ৰত্যাৱৰ্তন দিছিল এক ইংগিত ।

যদিও জাডেজাৰ আঘাতৰ বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই, তথাপি বুজা যায় যে, বিচিচিআইৰ কিছুমান বিষয়াই ভাৰতীয় তাৰকা গৰাকীৰ আঘাতক লৈ ক্ষোভ প্ৰকাশ কৰিছে । কাৰণ স্কী বৰ্ডৰ দৰে দুঃসাহসিক ক্ৰীড়া ক্ৰিকেটৰ প্ৰশিক্ষণৰ মেনুৱেলত নাছিল । এয়া আছিল অপ্ৰয়োজনীয় ।

সেয়েহে অলৰাউণ্ডাৰগৰাকীৰ অদ্ভুত আঘাতৰ ওপৰত পৰ্দাৰ আঁৰত প্ৰশ্ন উত্থাপিত হৈছে । সন্মুখত আই চি চি টি-২০ ৰদৰে বৃহৎ প্ৰতিযোগিতা আহি আছে । ভাৰতীয় দলটোৰ ভাৰসাম্য ৰক্ষাৰ বাবে জাডেজাৰ দৰে ফিনিচাৰৰ অত্যন্ত প্ৰয়োজনীয় আছিল ।

টি- ২০ বিশ্বকাপৰ পূৰ্বে দলত যোগ দিব পাৰিবনে জাডেজাই —— ইয়াক লৈ উত্থাপন হৈছে প্ৰশ্নৰ ।। যদিহে টি-২০ বিশ্বকাপত জাডেজা নাথাকে, তেন্তে ভাৰতীয় দলৰ বাবে ই হ’ব মোক্ষম আঘাত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments