Wednesday, October 5, 2022
HomeNewsৰহাত মহিলা হকী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

ৰহাত মহিলা হকী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা

নগাঁও জিলাৰ ৰহাৰ সুকল্প মেম’ৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অসম হকী আৰু অসম অলিম্পিক সন্থাৰ যৌথ উদ্যোগত তথা প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ সহযোগত বৃহস্পতিবাৰৰ পৰা এক পোন্ধৰদিনীয়া মহিলা হকী প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । দুকুৰিৰো অধিক খেলুৱৈয়ে ভাগ লোৱা এই শিবিৰটো বৃহস্পতিবাৰে বিয়লি অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা বিশিষ্ট সমাজ সংগঠক বিষ্ণু দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে । এই উপলক্ষে বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ, অসম অলিম্পিক সন্থাৰো কোষাধ্যক্ষ তথা অসম হকীৰ সম্পাদক তপন কুমাৰ দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ পৰিচালক প্ৰভাত চন্দ্ৰ ভূঞা,সমাজ সংগঠক সত্যজিৎ বৰা, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, পৰমা নাথ, স্বৰ্ণলতা দেৱী, প্ৰবীন শিক্ষাবিদ যতীন্দ্ৰ কুমাৰ পাৰৈ, জ্যেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথ, ৰাজ্যিক খেলুৱৈ সঞ্জয় কাকতি আদি উপস্থিত থাকে । আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ সাক্মী পানৱাৰ প্ৰশিক্ষকৰূপে থকা এই শিবিৰটো বিশেষভাৱে গ্ৰামাঞ্চলৰ উদীয়মান মহিলা হকী খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ বাবেই অসম হকীৰ পৰা পদক্ষেপ লোৱা হৈছে বুলি হকী খেলৰ বিশিষ্ট সংগঠক তপন কুমাৰ দাসে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে ।প্ৰশিক্ষণ শিবিৰটোৰ অংশগ্ৰহণকাৰীসকলক হকী ষ্ট্ৰিকো আনুষ্ঠানিকভাৱে মুখ্য অতিথি বিষ্ণূ দাসৰ লগতে আন অতিথিসকলে বিতৰণ কৰে । উল্লেখ্যনীয় যে, প্ৰশিক্ষকৰূপে থকা সাক্মী পানৱাৰক সেই অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনাও জনোৱা হয় । ইপিনে, ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীত চলি থকা থলুৱা ফুটবল স্কুলৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈসকলৰ সৈতেও অতিথি বিষ্ণু দাস আৰু ক্ৰীড়া সংগঠক তপন কুমাৰ দাসকে ধৰি আন সংগঠক কেইগৰাকীয়ে ভাৱ বিনিময় কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments