Monday, July 4, 2022
HomeNewsৰাজনীতিত যোগদান কৰিব কপিল দেৱে ! মহা তাৰকাৰ ৰাজনীতি গমনৰ খবৰ ভাইৰেল

ৰাজনীতিত যোগদান কৰিব কপিল দেৱে ! মহা তাৰকাৰ ৰাজনীতি গমনৰ খবৰ ভাইৰেল

 

অলিম্পিয়া প্ৰতিবেদন

খেলপথাৰ ত্যাগ কৰাৰ পিছত ৰাজনীতিৰ পথাৰলৈ আহি নতুন ইনিংছ আৰম্ভ কৰা ক্ৰিকেটাৰৰ তালিকাখন ভাৰতত দীঘলীয়া । শাসনাধিস্ত বিজেপি দলৰ লগতে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছত বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰ আছে । বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰ আকৌ বিধায়ক, সংসদ হোৱাৰ উপৰি মন্ত্ৰীৰ পদো লাভ কৰিছে । উদাহৰণ বহুত আছে । কীৰ্তি আজাদ, নৱজ্যোত সিং সিদ্ধু, গৌতম গম্ভীৰ, হৰভজন সিঙকে ধৰি বহু তাৰকা ক্ৰিকেটাৰৰ নাম আছে এই তালিকাত । লক্ষ্মীৰতন শুক্লা আৰু মনোজ তিৱাৰীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰ পশ্চিম বংগৰ ক্ৰীড়া মন্ত্ৰী হৈছে ।

শেহতীয়াকৈ আন এজন প্ৰাক্তন ক্ৰিকেটাৰৰ নাম এই ক্ষেত্ৰত খুব চৰ্চাত আছে । ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক তথা কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱে ৰাজনীতিত যোগদান কৰাৰ খবৰ ভাইৰেল হৈ পৰিছে । প্ৰাক্তন ক্ৰিকেটাৰ জনে শীঘ্ৰেই জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব বুলি খুব চৰ্চা চলিছে । কিন্তু প্ৰকৃততে ইয়াৰ সত্যতা কিমান ? সচাঁকৈয়ে কপিল দেৱে ৰাজনীতিত যোগদান কৰিব নেকি ?

কোৱা হৈছে কপিল দেৱে অহা সপ্তাহত ৰাজনীতিত আনুষ্ঠানিকভাৱে যোগদান কৰিব । এই খবৰ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে । এই খবৰে যিমানে ভাইৰেল হৈছে সিমানেই মানুহৰ মাজত বিষয়টোৱে চৰ্চা লাভ কৰিছে । তেওঁ কোন দলত যোগদান কৰিব, নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে দলৰ আন দায়িত্ব ল’ব সেই বিষয়েও চৰ্চা হৈছে ।
কিন্তু সামাজিক মাধ্যমৰ এই চৰ্চাৰ বিপৰীতে কপিল দেৱে নিজৰ সামাজিক মাধ্যম হেণ্ডেলৰ জৰিয়তে এই সম্ভৱনাক নস্যাৎ কৰিছে । কপিল দেৱে ৰাজনীতিত যোগদান কৰিব বুলি বিয়পি পৰা খবৰ ভুৱা বুলি তেওঁ স্পষ্ট কৰি দিছে ।

এইদৰে এক ভুৱা খবৰ বিয়পাই দিয়া বিষয়টোত একেবাৰে সন্তুষ্ট নহয় কপিল দেৱ । তেওঁ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে মুকলিকৈ । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, “মই এটা ৰাজনৈতিক দলত যোগদান কৰিবলৈ গৈ আছো বুলি খবৰ পাইছো । এইটো এটা সম্পূৰ্ণ মিছা কথা । মই কোনো দলৰ সৈতে সম্পৰ্কিত নহয় । মানুহে যিধৰণে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে তাৰ বাবে মই অত্যন্ত দুঃখিত । নিশ্চিত হওক, যদি মই ভৱিষ্যতে ইমান ডাঙৰ সিদ্ধান্ত লওঁ, আপোনালোকক জনাম ।”

উল্লেখ্য যে, কপিল দেৱে ২০০৯ চনতে ৰাজনীতিত যোগদানৰ চৰ্চা চলিছিল । সেই সময়ত কপিল দেৱে নিজেই কৈছিল যে, তেওঁ প্ৰায় প্ৰতিটো ৰাজনৈতিক দলৰ পৰা তেওঁলোকৰ দলত যোগদানৰ প্ৰস্তাৱ পাইছিল । কিন্তু তেওঁ সেই সকলোবোৰ প্ৰস্তাৱ সবিনয়ে প্ৰত্যাখ্যান কৰিছে । এই প্ৰসংগত কপিল দেৱে কৈছিল, “মই বিচাৰো ভাল মানুহে ৰাজনীতিত যোগদান কৰক ।” ২০০৯ চনৰ পিছত এইবাৰ পুনৰ কপিল দেৱে ৰাজনীতিত যোগদান কৰাৰ কথা চৰ্চিত হৈছে । কিন্তু এইবাৰো, কিংবদন্তি তাৰকাজনে ইয়াক খাৰিজ কৰিলে ।

ইয়াৰ পূৰ্বে, নৱজ্যোত সিং সিদ্ধু, গৌতম গম্ভীৰ, হৰভজন সিংৰ দৰে কেইবাজনো ক্ৰিকেটাৰে ২২ গজ এৰি ৰাজনীতিত ভৰি দিছে । শচীন তেণ্ডুলকাৰো ৰাজ্যসভাৰ সাংসদ হৈছে। অৱশ্যে বহু সুবিধা তথা সুযোগ পায়ো কপিল দেৱে ৰাজনীতিৰ ৰং নিজৰ ওপৰত পৰিবলৈ বৰ্তমানলৈকে দিয়া নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments