Tuesday, October 4, 2022
HomeNewsৰাজনৈতিক হস্তক্ষেপৰ বাবে পৰাস্ত

ৰাজনৈতিক হস্তক্ষেপৰ বাবে পৰাস্ত

ফেডাৰেচনৰ কমিটিত থাকিব নে নাই সেই বিষয়ে চিন্তা কৰিব বাইচুং ভুটিয়াই

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক বাইচুং ভুটিয়াই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাৱে পৰাস্ত হয় ৷ দেশৰ হৈ সকলোতকৈ অধিক মেচ খেলাৰ বাবে স্বাভাৱিকতে তেওঁ কাৰ্যকৰী কমিটিত স্থান লাভ কৰিছে ৷ ফেডাৰেচনৰ নিৰ্বাচনৰ পূৰ্বেই এই ক্ষেত্ৰত তেওঁৰ পৰা স্বাক্ষৰ লোৱা হৈছিল ৷ কিন্তু ফেডাৰেচনৰ শনিবাৰে অনুষ্ঠিত নৱ-নিৰ্বাচিত কাৰ্যকৰী কমিটিৰ বৈঠকত তেওঁ উপস্থিত নাথাকিল ৷ পৰৱৰ্তী সভাবোৰত তেওঁ থাকিব নে নাই সেয়া এতিয়াই ক’ব নোৱাৰি ৷ এই সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাইচুং ভুটিয়াই কয়, ‘‘ মই কো অপ্ট সদস্য হিচাপে কাৰ্যকৰী কমিটিত আছো ৷ শনিবাৰৰ বৈঠকত উপস্থিত নাছিলো ৷ কাৰ্যকৰী কমিটিৰ বৈঠকত ভৱিষ্যতে উপস্থিত থাকিম নে নাই সেই সম্পৰ্কে কিছুদিনৰ ভিতৰতে সিদ্ধান্ত গ্ৰহণ কৰিম ৷’’ শনিবাৰে দিল্লীত উপস্থিত নাছিল বাইচুং ভুটিয়া ৷ কাৰ্যকৰী কমিটিত বাইচুঙৰ উপৰি প্ৰাক্তন ফুটবলাৰৰ ভিতৰত আছে আই এম বিজয়ন, ছাব্বিৰ আলী, ক্লাইমেক্স লৰেন্স ৷ তদুপৰি আছে পিংকি মাগৰ, থংজম তাবাবি দেৱীৰ দৰে প্ৰাক্তন মহিলা খেলুৱৈ ৷ ফেডাৰেচনৰ টেকনিকেল কমিটিৰ চেয়াৰমেন হিচাপে দায়িত্ব দিয়া হৈছে আই এম বিজয়নক ৷ পৰামৰ্শদাতা কমিটিৰ চেয়াৰমেন পতা হৈছে চাব্বিৰ আলীক ৷
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনত পৰাস্ত হ’লেও হতাশ নহয় বাইচুং ভুটিয়া ৷ কিন্তু যি ধৰণৰ কৌশল অৱলম্বন কৰি তেওঁক পৰাস্ত কৰা হ’ল সেই ক্ষেত্ৰত হে তেওঁ হতাশ ৷ কাৰণ ফেডাৰেচনৰ সভাপতিৰ নিৰ্বাচনত কল্যাণ চৌবেৰ বিৰুদ্ধে যুঁজত নমাৰ আগৰ পৰাই বাইচুঙে গম পাইছিল যে একপক্ষীয় যুঁজ এখনত তেওঁ নামিছে ৷ কিন্তু যি ধৰণৰ কৌশল কৰি তেওঁক পৰাস্ত কৰা হ’ল সেই দিশতহে আপত্তি আছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ ৷ ফেডাৰেচনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যি ধৰণৰ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক হস্তক্ষেপ ঘটিল তাক দেখি বিস্মিত বাইচুং ভুটিয়া নিজেও ৷ সাংবাদিকৰ আগত বাইচুঙে ক’লে, ‘‘মই সঁচাই আচৰিত হৈছো ৷ ফেডাৰেচনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইমান উচ্চ পৰ্যায়ৰ ৰাজনৈতিক হস্তক্ষেপ ঘটিব বুলি মুঠেও আশা কৰা নাছিলো ৷ মোৰ বাবে এয়া এক ফুটবল ফেডাৰেচনৰ সভাপতিৰ নিৰ্বাচন নহয় ৷ দায়িত্বশীল হিচাপে নিজৰ অৱদান ৰাখিব বিচাৰিছো ৷ লক্ষ্যণীয় যে ৩৩-১ ফলাফলত বাইচুঙক সভাপতি নিৰ্বাচনত পৰাস্ত কৰিলে কল্যাণ চৌবেই ৷ এই একপক্ষীয় নিৰ্বাচনত চৌবেৰ বিজয় নিশ্চিত হোৱাৰ সময়ত মাজনিশা এজন কেবিনেট মন্ত্ৰী আহি ভোটাৰসকলৰ মাজত কিয় বহী থাকিব লগা হ’ল ? কেৱল সেয়ে নহয় নিশা ২.৩০ বজাত নিৰ্বাচনৰ পূৰ্বে কাহিলিপুৱা পৰ্যন্ত তেওঁ ভোটাৰসকলৰ লগত আছিল ৷ ভোটাৰসকলক ৰখা হৈছিল হোটেলৰ এটা নিৰ্দিষ্ট ফ্লৰত ৷ এই ফ্লৰৰ পৰা বাহিৰৰ সকলো যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছিল ৷ মই অনেক চেষ্টা কৰিও ৰাজস্থান ৰাজ্যিক ফুটবল সন্থাৰ সম্পাদকৰ সৈতে যোগাযোগ কৰিব পৰা নাছিলো ৷’’
কিয় ফেডাৰেচনৰ নিৰ্বাচনত অংশগ্ৰহণকাৰী ভোটাৰসকলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীয়ে ইমান সময় ‘ব্যয়’ কৰিলে তাৰ কাৰণ বিচাৰিছে বাইচুং ভুটিয়াই ৷ বাইচুঙে নাম উল্লেখ নকৰিলেও ৰাজস্থান ৰাজ্যিক সন্থাৰ সভাপতি মানবেন্দ্ৰ সিঙে এধাপ আগবাঢ়ি সেই গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ সেই মন্ত্ৰী গৰাকী হ’ল মোডী চৰকাৰৰ আইন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা কিৰণ ৰিজিজু ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments