Tuesday, October 4, 2022
HomeNewsৰাজস্থানে পৰাস্ত কৰিলে অসমৰ অনূৰ্ধ্ব ১৯ আৰু ছিনিয়ৰ ক্ৰিকেট দলক

ৰাজস্থানে পৰাস্ত কৰিলে অসমৰ অনূৰ্ধ্ব ১৯ আৰু ছিনিয়ৰ ক্ৰিকেট দলক

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত ব্যৰ্থতা অব্যাহত আছে অসমৰ। বি চি চি আইৰ ঘৰুৱা ক্ৰিকেটত ছিনিয়ৰৰ লগতে জুনিয়ৰ পৰ্যায়তো অসম ৰাজস্থানৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়।

বি চি চিআইৰ ছিনিয়ৰ মহিলাৰ এদিনীয়া ক্ৰিকেটত অসম ৰাজস্থানৰ হাতত ছয় উইকেটত পৰাস্ত হয়। মাত্ৰ ২৩.২ অভাৰ বেটিং কৰা অসমে ৫৩ ৰানতে আটাই কেইটা উইকেট হেৰুৱাই। অসমৰ স্বপ্না চৌধুৰীয়ে ৩২ ৰান কৰাৰ বাহিৰে অন্যান্য ক্ৰিকেটাৰসকলৰ এজনেও দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

আনহাতে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত বি চি চি আইৰ অনূৰ্ধ্ব ১৯ বছৰ এদিনীয়া ক্ৰিকেটত অসম দলটো ৰাজস্থানৰ হাততেই পৰাস্ত হবলগীয়া হয়. মেচখনত অসমে ১০০ ৰান কৰিবলৈ সক্ষম হয় যদিও ৰাজস্থানে ৪৪.২ অভাৰতে অসমে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments