ৰাজস্থান বেডমিণ্টন লীগৰ মুৰব্বী পদত অসমৰ মাধুৰ্য্য বৰুৱা
অলিম্পিয়া প্ৰতিবেদন: অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য্য বৰুৱাই ৰাজস্থান বেডমিণ্টন লীগত অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দিতাই নিৰ্বাচিত হৈছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ নাৰেংগীত অৱস্থিত পাইপ লাইন ডিভিজনৰ মহা প্ৰৱন্ধক ৰূপে কৰ্মৰত বৰুৱাই কিছুবছৰ ৰাজস্থানত অইল ইণ্ডিয়াৰ বিষয়া হিচাপে আছিল ৷
সেই সময়ত তেওঁ ৰাজস্থান বেডমিণ্টন ক্ষেত্ৰখন উন্নত কৰাৰ বাবে ভালেখিনি অৱদান আগবঢ়াইছিল ৷ তেওঁ যোধপুৰ জিলা বেডমিণ্টন সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ৰূপে কাৰ্যভাৰ সম্পাদন কৰিছিল ৷ যোধপুৰ বেডমিণ্টনক ৰাষ্ট্ৰীয় মানচিত্ৰলৈ অনাৰ বাবে বৰুৱাই যথেষ্ঠ চেষ্টা চলাইছিল ৷ ইয়াৰ ফলতেই তেওঁক সমাগত ৰাজস্থান বেডমিণ্টন লীগৰ মুৰব্বী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ৷
যোৱা ১৯ জুনত অনুস্থিত নিৰ্বাচনত ৰাজস্থান বেডমিণ্টন সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট ৷ দায়িত্ব লাভ কৰি মাধুৰ্য্য বৰুৱাই সাংবাদিকৰ আগত কয়, ‘‘নিজ ৰাজ্যৰ পৰা দূৰৰ এক প্ৰতিষ্ঠিত ক্ৰীড়া সংগঠনক নেতৃত্ব দিবলৈ পোৱাটো মোৰ বাবে যথেষ্ট গৌৰৱৰ বিষয় ৷ ৰাজস্থানত মই পাঁচ বছৰৰো অধিক কাল থকাৰ সময়ছোৱাত বহু কথা শিকাৰ সুবিধা পাইছিলো ৷
ক্ৰীড়াক্ষেত্ৰত পেচাদাৰী দৃষ্টিভংগীৰ যোগেদি আমাৰ সাংস্কৃতিক জীৱনত যথেষ্ট ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পাৰি ৷ চৰকাৰে সঠিক দৃষ্টিভংগীৰে উন্নয়ন আৰু প্ৰগতিৰ বাবে আগবাঢ়ি আহিছে ৷ এতিয়া মাত্ৰ প্ৰয়োজন কাম কৰা লোকৰ ৷’’
কলকাতাৰ চেম্পিয়ন ছিৰিজ টেনিছত মনন নাথৰ দ্বি-মুকুট
অসমৰ উদীয়মান টেনিছ খেলুৱৈ মনন নাথে কলকাতাৰ এক টুৰ্ণমেণ্টত দ্বি-মুকুট অৰ্জন কৰিছে ৷ যোৱা ১৭ জুনত কলকাতাত সামৰণি পৰা ১৮ বছৰ অনূৰ্দ্ধ আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণমেণ্টত মননে ল’ৰাৰ ছিংগলছ আৰু ডাবোলছ উভয় শাখাতে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷
ছিংগলছৰ ফাইনেলত মনন নাথে পশ্চিমবংগৰ শৌনক চেটাজীৰ্ক ৬-৩, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ একেদৰে ডাবোলছ ফাইনেলত নিজ ৰাজ্যৰে সতীৰ্থ অন্তৰীক্ষ তামুলীৰ সৈতে যুটি বান্ধি মননে ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰে পশ্চিমবংগৰ যুটি স্বৰ্ণভ ঘোষ আৰু দিব্যাংশ প্ৰাইডক্ৰাক ৷ এই সাফল্যৰ বাবে সদৌ অসম টেনিছ সন্থাই মনন নাথক অভিনন্দন জনাইছে ৷