আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুিষ্ঠত হ’ব ৰাষ্ট্ৰীয় জুিনয়ৰ এথেলিটকছ প্ৰতিযোগিতা। অসম অলিম্পিক সন্থাৰ সম্পাদক তথা ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱ-নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোঁৱৰে এই কথা সদৰী কৰিছে।
কোঁৱৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সমগ্ৰ ৰাজ্যতে ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ সমগ্ৰ ৰাজ্যতে দহটা মাণ্ডলিক শিবিৰ অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰিছে।