ৰাজ্যপালৰ মহিলা ভলীবল মিছন ২০২০-২১
নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: অসমৰ ভলীবল জগতত মহিলা ভলীবল খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে, অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এক মিছন আৰম্ভ কৰিছে । ইয়াৰ বাবে অসমৰ ভলীবল জগতৰ দ্বাৰা উচ্ছ প্ৰশংসিত হৈছে ৰাজ্যপালগৰাকী ।
সততে শুনা যায়, অসমৰ মহিলা ভলীবল খেলুৱৈসকলৰ খেল উন্মতমানৰ নহয় বা অইন ৰাজ্যসমূহৰ তুলনাত অসমৰ মহিলা খেলুৱৈৰ পাৰদৰ্শিতা কম । কিন্তু যোৱা ২০২১ চনৰ ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ উড়িষাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰৰ কলিঙ্গ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৬৯ সংখ্যক (পুৰুষ-মহিলা) ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসমৰ মহিলা ভলীবল দলটোৱে মনিপুৰ আৰু ছত্তিশগড়ক হৰুৱাই প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে ।
দুখ আৰু পৰিতাপৰ কথা এয়ে যে মহিলা ভলীবল খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে কোনো ধৰণৰ উদ্যোগ লোৱা আজিলৈ পৰিলক্ষিত হোৱা নাই । আনকি অসমৰ অন্যতম জনপ্ৰিয় খেল ভলীবলক ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নাযায় । যাৰ বাবে ৰাষ্ট্ৰীয় স্কুল ভলীবল প্ৰতিযোগিতাত মহিলা ভলীবল দল পঠিওৱাটো বেলেগ কথা ল’ৰাৰ দল পঠাবলৈও তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ফলত বছৰ বছৰ ধৰি বিদ্যালয় পৰ্যায়ৰ খেলুৱৈসকলে খেলৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ ফলত অসমৰ মুষ্ঠিমেয় কেইখনমান বিদ্যলয়তহে ভলীবলৰ খেলপথাৰ দেখা পোৱা যায় । ৰাজ্যপালৰ মহিলাৰ সৱলীকৰণৰ বাবে ভলীবলৰ উত্তৰণৰ স্বাৰ্থত যি মিছন গ্ৰহণ কৰা হৈছে, ইয়ে মহিলা ভলীবলৰ বাবে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । ৰাজ্যপালৰ মিছন অনুসৰি অসমৰ ৩৩ খন জিলাৰ পাঁচ হেজাৰ চাৰিশ তেৱান্নখন বিদ্যালয়ক ইতিমধ্যে ভলীবল দুটা আৰু নেট এখনকৈ বিতৰণ কৰা হৈছে ।
অৱশ্যে এইখিনি খেলৰ সামগ্ৰীয়ে ভলীবল মিছনৰ বাবে যথেষ্ট নহয় । পৰ্যাপ্ত পৰিমানৰ খেলৰ সামগ্ৰী যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয় । ক’ভিড মহামাৰীৰ বাবে আচঁনিখনৰ কাম বন্ধ হৈ আছিল যদিও এতিয়া অসমৰ সৰ্বত্ৰতে আচঁনিখনৰ কাম আৰম্ভ হৈছে । কথা হৈছে, বিদ্যালয়সমূহত খেল বিধক চিনাকি কৰি দিবলৈ শাৰিৰীক শিক্ষা নিৰ্দেশক আছে নে নাই ? খেলপথাৰ খন জোখ-মাখ কৰি ভলীবলৰ প্ৰাথমিক জ্ঞান ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ কি ব্যাৱস্থা গ্ৰহণ কৰা হৈছে ?
আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা সময়ে সময়ে অনুষ্ঠিত হৈ আছে নে নাই আৰু হৈছে যদি কিমানখন বিদ্যালয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইত্যাদি অনেক কথাই পৰ্যালোচনা কৰাৰ দৰকাৰ আছে । অৱশ্যে প্ৰশিক্ষকৰ বাবে শাৰীৰিক নিৰ্দেশক সকলৰ উপৰি প্ৰাক্তন তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈসকলক নূন্যতম মাননী দি আচঁনিখনৰ লগত জড়িত কৰোৱা হৈছে। ই এক শুভ লক্ষণ ।
যাৰ বাবে ভলীবল খেলিবলৈ মহিলাসকল আগবাঢ়ি অহাটো পৰিলক্ষিত হৈছে । এনেই সামগ্ৰী বিতৰণ কৰি ব্যাৱহাৰ কৰিব নোৱাৰিলে আঁচনিৰ সফল ৰূপায়ন হ’ব বুলি আশা কৰিব নোৱাৰি । এতিয়াও অসমত ছোৱালীয়ে ভলীবল খেলাটো মুকুলিমূৰীয়া হৈ উঠা নাই । কেইখনমান জিলাতহে দৈনিক মহিলা ভলীবলৰ আখৰা চলি থাকে । ইয়াৰ বাবে সজাগ সচেতনতা বৃদ্ধি কৰি এক ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলা নিত্যান্তই প্ৰয়োজনীয় ।
মহিলা ভলীবলৰ বাবে সুখবৰ যে অসমৰ ৰাজ্যপালে মহিলা ভলীবলৰ ওপৰত এক উদ্যোগ গ্ৰহণ কৰিছে । তেওঁৰ এই পৰিকল্পনা বহুদিনীয়া । দেশৰ আন কোনো এখন ৰাজ্যতে মহিলা ভলীবলৰ উত্তৰণৰ বাবে ৰাজ্যপালে এনে উদ্যোগ লোৱা পৰিলক্ষিত হোৱা নাই । ৰাজ্যপালৰ প্ৰতি সন্মান জনাই অসম চৰকাৰৰ বৰমূৰীয়াসকলে আঁচনিখনৰ সফল ৰূপায়নৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে ।
তেতিয়াহে তেওঁক উচিত সন্মান প্ৰদৰ্শন কৰাৰ লগতে যি ভাবি আঁচনিখন ৰূপায়ন কৰিব বিচাৰিছে তাৰ সফলতা লাভ কৰিব পৰা যাব । অন্যথা আঁচনি ৰূপায়ণ কৰিব লাগে বাবে আঁচনি ৰূপায়ণ হ’ব ঠিকেই কিন্তু ফলাফলৰ নামত থাকিব এক বৃহৎ শূন্য ।