অলিম্পিয়া প্রতিবেদন
বকোত ক্ৰীড়াৰ এক অনন্য পৰিবেশ । ৰাজ্যিক ভিত্তিত উশ্বু চেম্পিয়নশ্বিপত এনদি স্কুল অৱ মাৰ্চিয়েল আৰ্টছৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । ১ টা সোণৰ লগতে ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ ।
যোৱা ২ জুনৰ পৰা ৩ জুনলৈ বকোৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ১৫ সংখ্যক ছাব জুনিয়ৰ , জুনিয়ৰ আৰু ছিনিয়ৰ কামৰূপ জিলা ২০২২ উশ্বু চেম্পিয়নশ্বিপ । অসম উশ্বু এছচিয়েচন আৰু কামৰূপ জিলা উশ্বু এছচিয়েচনৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত কেইবাটাও উশ্বু ক্লাবৰ পৰা প্ৰায় ১০০ গৰাকীৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ অদমনীয় প্ৰদৰ্শন আগবঢ়ায় । ইয়াৰ ভিতৰত এন ডি স্কুল অৱ মার্চিয়েল আৰ্টছ একেডেমীৰ ৮ গৰাকী খেলুৱৈয়ে তেওঁলোকৰ অদমনীয় প্ৰদৰ্শনেৰে ১ টা সোণৰ লগতে ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত সোণৰ পদক লাভ কৰে দ্বীপশিখা মেধিয়ে । ৰূপৰ পদক লাভ কৰে ক্ৰমে বিনোদ ভূঞা, ঋষি মুকাবিল , কাজি ইজাজুল হক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে অৰিন্দম মেধি , কৌশিক দাস , কৃষ্টি কমল ঠাকুৰীয়া আৰু কৰণ কলিতাই । উক্ত দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল নবদ্বীপ মেধি ।
ক্ৰীড়ানুৰাগীৰ আশা– অপ্ৰতিৰোধ্য হওক উশ্বুৰ এইসকল খেলুৱৈৰ বিজয় যাত্ৰা । পদক লাভেৰে গৌৰবান্বিত কৰি যাওঁক অসম তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীক ।