Monday, October 3, 2022
HomeNewsৰাজ্যৰ জিমনাষ্টিক ক্ষেত্রৰ এজন দক্ষ প্ৰশিক্ষক ঘন দাস

ৰাজ্যৰ জিমনাষ্টিক ক্ষেত্রৰ এজন দক্ষ প্ৰশিক্ষক ঘন দাস

ৰাজ্যৰ জিমনাষ্টিক ক্ষেত্রৰ এজন দক্ষ প্ৰশিক্ষক ঘন দাস

অলিম্পিয়া প্ৰতিবেদন: ৰাজ্যৰ জিমনাষ্টিকৰ এগৰাকী দক্ষ প্ৰশিক্ষক । জিমনাষ্টিকৰ গল্ড মেডেলিষ্ট, আজি বহু জিমনাষ্টৰ গুৰু । নাম তেওঁৰ ঘনজ্যোতি দাস । ১৯৭৯ চনতে তেওঁ এগৰাকী জিমনাষ্টিক খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ গুৰু আছিল শিৱশংকৰ ৰয় আৰু ত্রিপুৰাৰ এন আই এছ প্ৰশিক্ষক নিত্যানন্দ দে । ত্রিপুৰাৰ প্ৰশিক্ষক জনৰ আশীৰ্বাদতে ঘনজ্যোতিয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় পদক । প্ৰায় ১৯৯৪ চনৰ পৰা প্ৰশিক্ষক হিচাপে নিজকে নিয়োজিত কৰিলে ঘন দাসে । তেওঁৰ হাতেদি জন্ম হৈছে কমেও ১০ গৰাকী এন আই এছ প্ৰশিক্ষক । আলিছা খান, অমৰ নাথ, ৰূপা দেৱ, প্ৰদীপ যাদৱ আৰু ভাস্কৰ দাস আছিল ঘন দাসৰে শিষ্য ।

প্ৰশিক্ষক ঘন দাসৰ তত্বাৱধানতে গুৱাহাটীৰ উপৰি বিভিন্ন জিলাত জিমনাষ্টিকছ প্ৰশিক্ষকৰ জন্ম হ’ল । বৰ্তমান সেইসকল প্ৰশিক্ষকে নিজ নিজ জিলাত জিমনাষ্টিকৰ ক্লাব আদি গঠন কৰি শিকাই গৈছে জিমনাষ্টিকৰ আদিপাঠ।

আৰু অধিক পঢ়ক

বৰ্তমান গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত অৱস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত ঘন দাসে শিকাই গৈছে জিমনাষ্টিকৰ অনুশীলন ।পূৰ্বতে এই প্ৰশিক্ষণ কেন্দ্ৰটো নেহৰু ষ্টেডিয়ামত আছিল যদিও ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ৰ পাছত ২০২১ বৰ্ষৰ পৰা ভোগশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামলৈ অনুশীলন ব্যৱস্থা স্থানান্তৰ কৰা হ’ল । এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই ঘন দাসৰ নেতৃত্বত উলাইছে সমুদ্ৰ দাস, উপাসা তালুকদাৰ, দিনেশ ছেত্রী আদিৰ দৰে খেলুৱৈ । সমুদ্ৰ‌ কেইবাৰৰো নেচনেল গল্ড মেডেলিষ্ট । লগতে উপাসাৰ ক্ষেত্রত এছিয়ান আৰু কমনৱেলথৰ বাবে আশা থকাৰ কথা ব্যক্ত কৰিলে প্ৰশিক্ষক ঘন দাসে ।

ঘন দাসৰ লগতে আন দুগৰাকী চৰকাৰী প্ৰশিক্ষকে স্থায়ীভাৱে এই প্ৰশিক্ষণ কেন্দ্ৰটোত দৈনিক উদিত জিমনাষ্টিকছ সকলক শিকাই গৈছে ন-ন কৌশল । আন দুগৰাকী সহ প্ৰশিক্ষক হ’ল- আলিছা খান আৰু কৌস্তভ কাশ্যপ গগৈ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক


মাজে মাজে গুৱাহাটীৰ এই কেন্দ্ৰলৈ আহে এন আই এছ প্ৰশিক্ষক । ৬ বছৰ পৰা ১৪ বছৰ অনূৰ্দ্ধৰ খেলুৱৈক এই কেন্দ্ৰত দিয়া হয় প্ৰশিক্ষণ । কিন্তু জিমনাষ্টিকছৰ দৰে খেলবিধ প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰযাপ্ত সুবিধা নাই । এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বাবে আৱশ্যক কমেও ৬ জন প্ৰশিক্ষক । নাই লেণ্ডিং কিট , ছেফটি ষ্টেণ্ড ,এক্সাচাইজ ফ্লৰ বা আনুসংগিক কিছু সা-সুবিধা । পৰ্যাপ্ত সুবিধা লাভ কৰিলে বছৰে বছৰে বহু গল্ড মেডেলিষ্ট ওলাব বুলি আশাবাদী ঘন দাস ।

কেৱল এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা জিমনাষ্টিকৰে খেলুৱৈ ওলাইছে এনে নহয় । প্ৰথমে জিমনাষ্টিকৰ আদিপাঠ গ্ৰহণ কৰি টেবুল টেনিছ, এথলেটিকছ ক্ষেত্ৰলৈ গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম বুলিলিছে বহু খেলুৱৈয়ে ।

জিমনাষ্টিকক সকলো ক্ৰীড়াৰে মাতৃ বুলি ধৰা হয় । কাৰণ, জিমনাষ্টিক শিকা খেলুৱৈয়ে অনায়াসে যিকোনো খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সুবিধা হয় ।এজন খেলুৱৈৰ বাবে জিমনাষ্টিক কিয় প্ৰয়োজনীয়, সেই কথা ব্যক্ত কৰিলে প্ৰশিক্ষক ঘন দাসে ।

ঘন দাসে প্ৰশিক্ষক হিচাপে কৰ্মৰত হোৱালৈকে সেৱা কৰি যোৱাৰ ইচ্ছা । অৱসৰৰ পাছতো অসমৰ সম্পদক প্ৰশিক্ষণৰে সেৱা আগবঢ়াবলৈ সদা প্ৰস্তুত তেওঁ ।
এডভান্স জিমনাষ্টিক প্ৰশিক্ষণ দিব পৰাকৈ ক্ৰীড়া বিভাগে কেন্দ্ৰটোত পৰ্য্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা কৰক । লগতে খেলুৱৈৰ বাবে গুৰত্ব দিয়ক ৰেচিডেন্সিয়েল কেম্প, হোষ্টেলৰ । এই আহ্বান ঘন দাসৰ ।

ক্ৰীড়া অনুৰাগীৰ আশা — প্ৰশিক্ষক ঘন দাসৰ সেই আহ্বান শুনিব অসমৰ ক্ৰীড়া বিভাগে । তেতিয়াহে অসমৰ পৰা জন্ম হ’ব উদিত জিমনাষ্ট ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments