Friday, August 12, 2022
HomeNewsৰাজ্যৰ বিভিন্ন ক্ৰীড়া বাতৰি

ৰাজ্যৰ বিভিন্ন ক্ৰীড়া বাতৰি

আই বি এ জেনেৰেল কংগ্ৰেছৰ সভাত হেমন্ত কুমাৰ কলিতা

অলিম্পিয়া প্ৰতিবেদন: বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদকপ্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা বুধবাৰে তুৰস্কৰ ইস্তানবুল চহৰত উপস্থিত হৈছে ৷ এই চহৰতে অহা ১৩ আৰু ১৪ মে’ত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থা (আই বি এ) জেনেৰেল কংগ্ৰেছ অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা ৷ এই সভাত ভাৰতক প্ৰতিনিধিত্ব কৰিব হেমন্ত কুমাৰ কলিতাই ৷ তেওঁ হ’ব ভাৰতৰ ভোটাধিকাৰ থকা প্ৰতিনিধি ৷ এই জেনেৰেল কংগ্ৰেছত আই বি এৰ নতুন জেনেৰেল কাউঞ্চিল গঠন কৰাৰ বাবে ১৪ মে’ত নিৰ্বাচন অনুস্থিত হ’ব ৷ এই বাতৰি জনাইছে অসম এমেচাৰ বক্সিং সন্থাৰ যুটিয়া সম্পাদক অশোক বৰুৱাই ৷

আৰু অধিক পঢ়ক

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম টাং চু ডো দল দিল্লীলৈ ৰাওনা

নতুন দিল্লীত অহা ১৩-১৫ মে’ত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত ভাগ ল’বৰ বাবে অসম টাং চু ডু সন্থাৰ পৰা ৪৭ জন খেলুৱৈয়ে বিভিন্ন শাখাত আৰু ১০ জন ৰেফাৰীয়ে অংশগ্ৰহণ কৰিবৰ বাবে বুধবাৰে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে । উক্ত প্ৰতিযোগিতাৰ পৰাই দিল্লীত হ’বলগা আগন্তুক আন্তৰ্জাতিক টাং চু ডু প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হ’ব । কোভিডৰ পাছত ৰাষ্ট্ৰীয় খেলত ভাগ ল’বলৈ পায় অসমৰ খেলুৱৈসকল উৎসাহিত হৈ পৰিছে । উক্ত প্ৰতিযোগিতাত অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ, দিপাঙ্কৰ চেতিয়া, হাৰুণ আলীৰ লগতে অন্যান্য প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰিব । অসমৰ খেলুৱৈসকলে যাতে ভাল ফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ কাৰণে অসম টাং চু ডু সন্থাৰ সভাপতি আৰু উপ সভাপতিযে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দ্বাদশ হকী ইণ্ডিয়া ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বংগক বিধবস্ত অসমৰ

মধ্যপ্ৰদেশৰ ভূপালত যোৱা ৬ মে’ৰ পৰা আৰম্ভ হৈছে দ্বাদশ হকী ইণ্ডিয়া ছিনিয়ৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ৷ এই প্ৰতিযোগিতাৰ ১১ মে’ অৰ্থাৎ বুধবাৰে অনুস্থিত গ্ৰুপৰ অন্তিম মেচত জয়েৰে অভিযান সামৰিলে অসম দলে ৷ লীগৰ প্ৰথম মেচত হাৰিয়ানাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত দ্বিতীয় তথা অন্তিম লীগ মেচত অসমে ৮-০ গ’লৰ ব্যৱধানত বিধ্বস্ত কৰে পশ্চিমবংগ দলক ৷ প্ৰতিযোগিতাৰ গ্ৰুপ ‘বি’ ৰ লীগ মেচত অসমৰ হৈ ক্ৰমে ৯, ১২ আৰু ৪০ মিনিটত তিনিটা গ’ল স্কৰ কৰি হেটট্ৰিক সম্পূৰ্ণ কৰে প্ৰিয়াংসী সিঙে ৷

তদুপৰি ১৯ আৰু ৩৫ মিনিটত দুটা গ’ল স্কৰ কৰে ইলিনা টিগ্গাই ৷ একেদৰে ২৬ মিনিটত মিল্কা চুৰিন, ৩২ মিনিটত খুচবু প্ৰজাপতি আৰু ৬০ মিনিটত মিক্সিমা খাল্কোৱে এটাকৈ গ’ল স্কৰ কৰে ৷ অসমৰ খেলুৱৈৰ উজ্জীৱিত প্ৰদৰ্শনৰ বিপৰীতে বংগ দলৰ খেলুৱৈসকলে কোনো ধৰণৰ প্ৰত্যাহবান আগবঢ়াব নোৱাৰিলে ৷ মেচখনত অসমৰ খেলুৱৈসকলে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে ৷ উল্লেখ্য যে লীগৰ প্ৰথম মেচত অসমে যোৱা ৯ মে’ত হাৰিয়ানাৰ বিৰুদ্ধে ১-৭ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল ৷ উক্ত মেচখনৰ ২৩ মিনিটত অসমৰ হৈ একমাত্ৰ গ’লটো দিয়ে সাক্ষীয়ে ৷

চিটি প্ৰিমিয়াৰ লীগ ক্ৰিকেটত ডাইনাছ’ৰ, ৰাইনো দলৰ জয়লাভ

চিটি প্ৰিমিয়াৰ লীগ চমুকৈ চি পি এলৰ ছাব জুনিয়ৰ শাখাত ডাইনাছৰ দলে লিঅ’পাৰ্ডৰ বিৰুদ্ধে ৬৮ ৰাণত জয়লাভ কৰিছে । দিছপুৰ জনতা ভৱন পেৰেড গ্ৰাউণ্ডত ডাইনাছৰ দলে নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত সংগ্ৰহ কৰে ১৪২ ৰাণ । দলৰ অপেনাৰ জিহান ডেকাই ৫৬, আগ্ৰিজ দত্তই ২১ আৰু আয়ুস লহকৰে অপৰাজিত ১৯ ৰাণ কৰে । বিপক্ষৰ ফ্লৰিণা টায়ে, মাইনী পায়েং আৰু সুমন সূতে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত কেৱল ছোৱালী খেলুৱৈৰে গঠিত লিঅ’পাৰ্ড দলে ১৭.৩ অভাৰত ৭৪ ৰাণতে ইনিংছ সামৰে ।

দলৰ শিৱানী বিষ্ণয়ে ১৪, স্নেহা সিনহা আৰু বৈভৱী দাস উভয়ে ১২ ৰাণকৈ সংগ্ৰহ কৰাৰ বাহিৰে বাকীসকলে দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে । বলিঙত প্ৰতিপক্ষৰ জিহান ডেকা আৰু অভিলাস বৰ্মনে ৩ টাকৈ, অমৰেশ সিনহাই দুটা উইকেট দখল কৰে । ইফালে পুৱা অনুষ্ঠিত ছাব জুনিয়ৰ ছুপাৰ লীগত ৰাইনোয়ে ৮ উইকেটত পৰাস্ত কৰে পেৰট দলক । পেৰটে ১৯.৪ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১১৭ ৰাণ । দলৰ অধিনায়ক ছানি আহমেদে ২৫, নৱজ্যোতি কলিতা, সিদ্ধান্ত বৰদলৈ উভয়ে ২০ ৰাণকৈ আৰু মনিষ ৰয়ে ১৬ ৰাণ কৰে । বলিঙত বিপক্ষৰ হৰ্ষ সিং, মিজানুৰ ৰহমান আৰু মাৰ্জিৎ তালুকদাৰে দুটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত ৰাইনোয়ে ৯.২ অভাৰত দুই উইকেটত ৬০ ৰাণ কৰোতেই বৰষুণৰ বাবে মেচখন বন্ধ হয় । দলৰ অধিনায়ক হৰ্ষ সিঙে কৰে ২৫ ৰাণ । আম্পায়াৰে ডি এল এছ পদ্ধতিৰে মেচখনত ৰাইনো দলক বিজয়ী বুলি ঘোষণা কৰে ।

জি টি চি ফুটবল একাডেমীৰ বাবে খেলুৱৈৰ বাচনি শিবিৰ

গুৱাহাটী টাউন ক্লাব চমুকৈ জি টি চি ফুটবল একাডেমীৰ বাবে ৰাজ্যখনৰ দুটা স্থানত খেলুৱৈ বাচনি শিবিৰৰ আয়োজন কৰিছে । ভিন্ন বয়সৰ খেলুৱৈৰ বাবে এই শিবিৰ মুকলি থাকিব । ১৬ বছৰ অনূৰ্দ্ধআৰু ১৯ বছৰ অনূৰ্দ্ধ বয়সৰ বাবে অহা ১৪-১৫ মে’ত শিৱসাগৰ জিলাৰ ডিমৌ ৰাইছাই গ্ৰাম্য ষ্টেডিয়ামত আৰু ২১-২২ মে’ত গোঁসাইগাঁৱৰ বিন্নাখাটা জয়মাগুৰিত বাচনি শিবিৰ অনুষ্ঠিত হ’ব ।

ইয়াৰে ফাইনেল শিবিৰটো গুৱাহাটীৰ জজ ফিল্ডত ২৮-২৯ মে’ত হ’ব । ১৩-১৭ বছৰ বয়সৰ ইচ্ছুক খেলুৱৈক নিৰ্দিষ্ট স্থান আৰু তাৰিখত পুৱা ৯ বজাত জন্মৰ প্ৰমাণ পত্ৰ সহ উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে । গুৱাহাটী টাউন ক্লাবৰ আবাসিক ফুটবল একাডেমীৰ বাবে মুঠ ৩০ গৰাকী খেলুৱৈক বাচনি কৰা হ’ব । এই বাতৰি প্ৰেৰণ কৰিছে ক্লাবৰ ফুটবল সম্পাদক আখটাৰুদ্দিন আহমেদে (জুৱেল) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments