ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহণ
অলিম্পিয়া প্ৰতিবেদন: অসম এথলেটিকছ সন্থাৰ উদ্যোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকছ প্ৰতিযোগিতা । পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ ঊৰ্ধ্বৰ পৰা ৯০ বছৰ ঊৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ।
৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগৰ সঞ্চালক নিৱেদন দাস পাটোৱাৰী, অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালীৰ লগতে অসম এথলেটিকছ সন্থাৰ বহুকেইগৰাকী বিষয়-ববীয়া ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
সৰুসজাইত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাৰ শুভাৰম্ভ
ক্ৰীড়াৰ সৈতে জড়িত হৈ ক্ৰীড়াক্ষেত্ৰত অসমৰ নাম উজলাই তুলিবলৈ ক্ৰীড়া বিভাগৰ সঞ্চালক গৰাকীয়ে খেলুৱৈসকলক উদ্দেশ্যি মন্তব্য আগবঢ়ায় । দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম দিনা দৌৰ, হাইজাম্প আৰু থ্ৰ’ ইভেন্টৰ খেলসমুহ অনুষ্ঠিত হয় ।প্ৰতিযোগিতাত খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু উৎসাহে দৰ্শকক আপ্লুত কৰি ৰাখে ।