Wednesday, August 10, 2022
HomeNewsৰাণীত কোচিং চেণ্টাৰে মুকলি কৰিলে ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ

ৰাণীত কোচিং চেণ্টাৰে মুকলি কৰিলে ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ

অলিম্পিয়া প্ৰতিবেদন

বিগত বহু বছৰ ধৰি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পশ্চিম গুৱাহাটীৰ ৰাণীত “ৰাণী কোচিং চেণ্টাৰে” ক্ৰীড়াৰ এক বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীক ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনাৰে এই কোচিং চেণ্টাৰে অনৱদ্য ভুমিকা গ্ৰহণ কৰি আহিছে । বহু প্ৰশিক্ষাৰ্থীয়ে আনকি এই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত পদক বুটলি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । শুক্ৰবাৰে পুনৰ এই ৰাণী কোচিং চেণ্টাৰে অঞ্চলটোৰ ৰাজাপানীচন্দাত প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰে । অঞ্চলটোৰ সমাজসেৱক তথা অগপ নেতা ৰবীন দৈমাৰীয়ে মুকলি কৰে এই কেন্দ্ৰটি । দৈমাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাস , সুদক্ষ প্ৰাক্তন খেলুৱৈ তথা কোচিং চেণ্টাৰটোৰ সক্ৰিয় বিষয়ববীয়া ভাইটি বড়ো , বসন্ত বৰুৱা , সাংবাদিক ধৰ্মেন্দ্ৰ দাসৰ লগতে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে । প্ৰতি সপ্তাহৰ শুক্ৰবাৰ , দেওবাৰ আৰু মংগলবাৰে আৱেলি ৩ বজাৰ পৰা ৫ বজালৈ বিশেষকৈ কিক বক্সিং , থাই বক্সিং , কাৰাটে , উশ্বু আদি খেলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি ভাইটি বড়োৱে জানিবলৈ দিয়ে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments