Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা‌ত জিলিকিল অসমৰ কুংফু খেলুৱৈ

ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা‌ত জিলিকিল অসমৰ কুংফু খেলুৱৈ

ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা‌ত জিলিকিল অসমৰ কুংফু খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন:ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা‌ত জিলিকিল অসমৰ কুংফু খেলুৱৈ । অসম শ্ৰেষ্ঠ দল‌ আৰু তিনিটাকৈ বেষ্ট ফাইটাৰৰ সন্মান ।

পশ্চিমবংগৰ চিত্তৰঞ্জনত অনুষ্ঠিত “সপ্তম ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা ২০২২” ৰ সফল সামৰণি ঘটিল । বেংগল কুংফু এছচিয়েচনৰ উদ্যোগত যোৱা ২৭ আৰু ২৮ আগষ্টত আয়োজিত প্ৰতিযোগিতাখনত ল’ৰা- ছোৱালী উভয় শাখাতে অসম কুংফু স্পোৰ্টছ এছচিয়েচনৰ ৮৫ জনীয়া ছাত্ৰ – ছাত্ৰী আৰু ১৬ জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰিলে ৷
অসম দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । মুঠ ৭১ টা পদক লাভ কৰি ৰাজ্য খনৰ সুনাম কঢ়িয়াই আনিছে দলটোৱে । অসমৰ দলটোৱে ৩২ টা স্বৰ্ণ , ২৪ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জ লাভ কৰি শ্ৰেষ্ঠত্বৰ দৌৰত শীৰ্ষত থাকিল । তদুপৰি অসমে শ্ৰেষ্ঠ ‌দল‌ৰ সন্মান অৰ্জন কৰাৰ লগতে ছোৱালীৰ তিনিটা বিভাগত
ছাব জুনিয়ৰ বেষ্ট ফাইটাৰৰ সন্মান অৰ্জন কৰিলে । সোণৰ পদক তথা বেষ্ট ফাইটাৰ লাভ কৰা খেলুৱৈসকল হল– তৃষা চাংমা, নাং চিন চিৰিং আৰু‌‌ এছ বিনিতা সিনহা ।

উল্লেখযোগ্য যে, অসমৰ পৰা যোৱা প্ৰশিক্ষক সকল হ’ল—- জালালুদ্দিন আহমেদ, গৌতম দাস, নেকিবুৰ ৰহমান, ৰিঙ্কু‌ শৰ্মা , দেবাশিষ দত্ত, ধনটি বৰুৱা, অনামিকা বৰুৱা , আবিদুল খান, ৰিন্টু নেওগ , ধৰ্মেন্দ্ৰ দাস , কৰমজিৎ ৰামচিয়াৰী, অৰূপ প্ৰজা, নিতাই দাস আৰু গোলাপ ৰাভা । বিজয়ী সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে কুংফু স্পোটছ এছচিয়েচন অসমৰ সাধাৰণ সম্পাদক আৰু ‌প্ৰশিক্ষক আজহাৰুল আমিন আৰু সভাপতি তথা গ্ৰেণ্ডমাষ্টাৰ চিফু ৰাজকুমাৰে ।

ক্ৰীড়া অনুৰাগীৰ আশা —- ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । আন্তঃৰাষ্ট্ৰীয়মুখী হওক অসমৰ কুংফু খেলুৱৈৰ জয়যাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments