অলিম্পিয়া প্ৰতিবেদন
ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কায়াকিং এণ্ড কেনয়িঙত স্বৰ্ণসহ তিনি পদক অসমৰ ।
আঠজনীয়া অসম দলৰ নেতৃত্বত প্ৰশিক্ষক অনন্ত বৰঠাকুৰ ।
মৰিগাঁৱৰ চাৰণবিল প্ৰশিক্ষণ কেন্দ্ৰৰ সাফল্য।
অসমৰ নৌচালনা ক্ষেত্ৰখনৰ বাবে সু-খবৰ । মধ্য প্ৰদেশৰ ৰাজধানী চহৰ ভূপালৰ পৰা অসমৰ উদীয়মান নৌচালকে কঢ়িয়ালে মুঠ তিনিটা পদক । যোৱা ১৭ আৰু ১৮ মে’ত ভূপালত অনুষ্ঠিত হয় ৩২ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কায়াকিং এণ্ড কেনয়িং চেম্পিয়নশ্বিপ । এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসম দলৰ খেলুৱৈয়ে এটা স্বৰ্ণ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে । পুৰুষৰ ৫০০ মিটাৰ কে- ফ’ৰত অসমৰ খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰে । ৪ জনীয়া দলটোৰ সদস্যসকল হ’ল– দৰ্শন বৰদলৈ, বিক্ৰম কোঁৱৰ, ৰবিনাশ পাটৰ আৰু মিঠু পাটৰ । ইফালে কে- টু ৫০০ মিটাৰ আৰু কে- টু ২০০ মিটাৰত অসমে ব্ৰঞ্জৰ পদক পায় । দুয়ো প্ৰতিযোগিতাতে অসমক প্ৰতিনিধিত্ব কৰে দৰ্শন বৰদলৈ আৰু বিক্ৰম কোঁৱৰে । মৰিগাঁও জিলাৰ চাৰণবিল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ নেতৃত্বত গৈছিল ৰাজ্যিক দলটো । মুঠ আঠজনীয়া অসম দলৰ খেলুৱৈসকলে চাৰণবিলতে নিয়মীয়া অনুশীলন কৰে ।