ৰাষ্ট্ৰীয় ৰেংকিং ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত ছফিয়াৰ ৰূপ অৰ্জন
অলিম্পিয়া প্ৰতিবেদন: ছত্তিশগড়ত অপ্ৰতিৰোধ্য অসমক ৰোলাৰ স্কেটিং খেলুৱৈ। ৰাষ্ট্ৰীয় ৰেংকিং ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত ছফিয়াৰ ৰূপ অৰ্জন । পদক হাতত লৈ অসম কন্যাৰ মুখত বিৰিঙিল বিজয়ী হাঁহি ।
চলিত মাহৰ ১৭ ৰ পৰা ১৯ জুনলৈ ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ৰেংকিং ৰোলাৰ স্কেটিং প্ৰতিযোগিতা । সমাবেশ ঘটিল ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ ১২০০ পৰা ১৫০০ খেলুৱৈৰ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ ১০ গৰাকী ৰোলাৰ স্কেটিং খেলুৱৈয়ে ।
স্কেটিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সহযোগত ছত্তিশগড় ৰোলাৰ স্কেটিং সন্থাই আয়োজন কৰা টুৰ্ণামেন্টত অসমৰ খেলুৱৈসকলে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । ইয়াৰ ভিতৰত ৰূপৰ পদক অৰ্জনৰে জিলিকিল অসমৰ সন্তান ছফিয়া হাছান । খেলুৱৈ গৰাকীয়ে সাত বছৰ অনূৰ্ধৰ ছোৱালী শাখাত ২০০ মিটাৰৰ ১ লেক কোৱাড ৰেচত এই সাফল্য অৰ্জন কৰিছে ।
এই শাখাত বিভিন্ন ৰাজ্যৰ ১০০ জন খেলুৱৈৰ মাজৰ পৰা এই কৃতিত্ব লাভ কৰিছে তৃতীয় শ্ৰেণীৰ ছাত্রী ছফিয়া হাছানে । খেলুৱৈৰ গৰাকীৰ পদক প্ৰাপ্তিত আনন্দিত হৈ পৰিছে অসম ৰোলাৰ স্কেটিং সন্থা । অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল মানৱ মেধি ।
উল্লেখযোগ্য যে, ছফিয়া হাছানৰ ঘৰ গুৱাহাটীৰ দীঘলীপুখুৰীত । তেওঁ অধ্যয়ন কৰি আছে অল চেইণ্ট স্কুলত । মহম্মদ ছাভানুৰ আলী আৰু য়াছমিন ছুলতানাৰ কন্যা ছফিয়া ।
ক্ৰীড়া অনুৰাগীৰ আশা — ছফিয়াৰ এই যাত্রা আন্তঃৰাষ্ট্ৰীয় মুখী হওক ।ৰোলাৰ স্কেটিং ক্ষেত্ৰত অসম তথা ভাৰতক দি যাওক এটাৰ পাছত আনটো পদক ।