কাৰাটে এচ’ছিয়েশ্বন অব্ ইণ্ডিয়া (কাই)ৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ই-কাটা কাৰাটে চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী কাৰাটে খেলুৱৈয়ে সফলতা লাভ কৰিছে। কাই অনুষ্ঠিত কৰা এই ই-কাটা কাৰাটে চেম্পিয়নশ্বিপত পুৰুষ আৰু মহিলাৰ চিনিয়ৰ শাখাত অসমৰ জ্যোতিস্মান কাশ্যপ আৰু ঈশ্বিতা কাশ্যপে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।


কাৰাটে এচ’ছিয়েশ্বন অব্ ইণ্ডিয়াৰ এথলিট কমিচনৰ চেয়াৰমেন আদৰ্শ চৌধুৰীয়ে এই বিষয়ে অৱগত কৰিছে।