Monday, October 3, 2022
HomeNewsৰাষ্ট্ৰীয় ক্ৰীড়াৰ থাই বক্সিঙত সোণৰ পদকধাৰী আজলি দৈমাৰীক সম্বৰ্ধনা জনাব জিলা ক্ৰীড়া...

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থাই বক্সিঙত সোণৰ পদকধাৰী আজলি দৈমাৰীক সম্বৰ্ধনা জনাব জিলা ক্ৰীড়া সন্থাই

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থাই বক্সিঙত সোণৰ পদকধাৰী আজলি দৈমাৰীক সম্বৰ্ধনা জনাব জিলা ক্ৰীড়া সন্থাই

অলিম্পিয়া প্ৰতিবেদন:

পঞ্জাৱৰ অমৃতচৰৰ গুৰু নানকদেৱ বিশ্ববিদ্যালয় খেল পথাৰত ২৬, ২৭ আৰু ২৮ আগষ্টত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ হৰিশিঙাৰ দেউলগুৰিৰ আজলি দৈমাৰীয়ে থাই বক্সিং শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
অতি দুখীয়া পৰিয়ালৰ আজলি দৈমাৰীয়ে অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একেটা ইভেন্টত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে,আজলি দৈমাৰীক ৫ ছেপ্টেম্বৰ, সোমবাৰে ওদালগুৰি জিলা ক্ৰীড়া সন্হাৰ পৰিচালনাত নলবাৰী খেল পথাৰত অনুষ্ঠিত হৈ থকা ক্ষীৰোদ বৰুৱা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ মঞ্চত সম্বৰ্ধনা জনোৱা হ’ব বুলি প্ৰচাৰ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে জনাইছে ।অতি দুখীয়া পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ আজলি দৈমাৰীক চৰকাৰে এতিয়ালৈকে কোনো আৰ্থিক সাহায্য প্ৰদান কৰা নাই‌ । সেয়ে অঞ্চলটোৰ ৰাইজে আজলিক ডুবাইত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ পূৰ্বে অনুশীলনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় পদক লাভ কৰিলেই চৰকাৰে প্ৰদান কৰিব চাকৰি ।তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত থাই বক্সিঙত স্বৰ্ণজয়ী আজলি দৈমাৰীক চৰকাৰী সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি ক্ৰীড়াপ্ৰেমী ৰাইজে আহ্বান জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments