Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম যুৱ অলিম্পিকত পদকজয়ীক ডিব্ৰুগড়ত সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম যুৱ অলিম্পিকত পদকজয়ীক ডিব্ৰুগড়ত সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম যুৱ অলিম্পিকত পদকজয়ীক ডিব্ৰুগড়ত সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অসম যুৱ অলিম্পিকত পদকজয়ীক ডিব্ৰুগড়ত সম্বৰ্ধনা । ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বিশেষ উদ্যোগ । ১৫ গৰাকী উশ্বু খেলুৱৈক সম্বৰ্ধনা ।

সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত দলীয়ভাৱে ডিব্ৰুগড় জিলাই অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিলে । বিভিন্ন ইভেন্টত জিলিকিল ডিব্ৰুগড়ৰ যুৱ খেলুৱৈ । সেইদৰে উশ্বুতো জিলিকিল ১৫ গৰাকী উদীয়মান প্ৰতিভা । টাওলু আৰু চান্দা ইভেন্টত ১১ টা স্বৰ্ণসহ আঁজুৰি আনিলে মুঠ ২১ টাকৈ পদক । বাকী খেলুৱৈসকলৰ লগতে উশ্বু খেলুৱৈ সকলোকো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা সোমবাৰে সন্থাৰ চৌকিডিঙি ইনড’ৰ ষ্টেডিয়ামত সম্বৰ্ধনা জ্ঞাপন কৰিলে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই । অগ্ৰজৰ পৰা এনে উৎসাহ লাভ কৰি আনন্দিত হৈ পৰিল ডিব্ৰুগড়ৰ খেলুৱৈসকল ।

এই অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ হৈ প্ৰতিনিধিত্ব কৰা উশ্বু দলক প্ৰথম, ভাৰোত্তোলন দলক দ্বিতীয় আৰু টাং চু ডু দলক তৃতীয় দল হিচাপে নিৰ্বাচিত কৰি নগদ ধনেৰে পুৰস্কৃত কৰা হয় । অসম যুৱ অলিম্পিক ২০২২ ত উশ্বুৰ টাওলুত পদকজয়ী ডিব্ৰুগড়ৰ খেলুৱৈসকল হ’ল —- জুলি ৰাণী মেচ, আৰহান বৰুৱা, কৃষ্ণ তাঁতি ,ছয়নিকা গগৈ, নিতিশা গতিত, গ্লৰী ভৰালী, পৰিস্মিতা সোণোৱাল, সৌৰভ কুমাৰ আৰু দীপজ্যোতি বৰা । আনহাতে, উশ্বুৰ চান্দা ইভেন্টত পদকজয়ী ডিব্ৰুগড়ৰ খেলুৱৈসকল হ’ল — আৰ্টছ দত্ত, জয় দাস, ছাহেবা আহমেদ, এতৃষ্ণা কলিতা, অমিত চাৰ্কি আৰু অংশুমান বৰা ।

উশ্বু দলৰ জুলী ৰাণী মেচে মহিলাৰ শ্ৰেষ্ঠ আৰু উশ্বু দলৰে আৰহান বৰাই শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা লাভ কৰে । এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ৰাজ কাকতি, যুটীয়া সম্পাদক অমল নাৰায়ন পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, কাৰ্যবাহী সদস্য জেহৰুল হক, ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত, সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা —- ডিব্ৰুগড়ৰ যুৱ খেলুৱৈৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । বিশ্ব ক্ৰীড়াঙ্গনত সফলতাৰ শিখৰ স্পৰ্শ কৰক খেলুৱৈসকলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments