Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত শিৱসাগৰত খেলুৱৈক সম্বৰ্দ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত শিৱসাগৰত খেলুৱৈক সম্বৰ্দ্ধনা

অলিম্পিয়া প্ৰতিবেদন

শিৱসাগৰত ৰাষ্ট্রীয় ক্ৰীড়া দিৱস উদযাপন । ভাৰোত্তোলন, টাইকোৱানডোৰ লগতে যোগাসন প্ৰদৰ্শন । অসম যুৱ অলিম্পিকত পদকজয়ী সকলক সম্বৰ্ধনা ।

শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগা মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । অমৰজ্যোতি হেলথ ক্লাবৰ উদ্যোগত শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাই ২৯ আগষ্টত উদযাপন কৰা এই ৰাষ্ট্রীয় ক্ৰীড়া দিৱসত ভাৰোত্তোলনৰ লগতে কেইবাজনো খেলুৱৈয়ে টাইকোৱানডো ক্ৰীড়া প্ৰদৰ্শন কৰে । ইয়াৰ লগতে দেৱব্ৰত গোস্বামীৰ নেতৃত্বত এটা দলে যোগাসনো প্ৰদৰ্শন কৰে ।
দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা অনুষ্ঠানত ক্ৰীড়াৰ সৈতে জড়িত ফুলপানীছিগা ৰাইজৰ লগতে অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উপ-সভাপতি যতীন শইকীয়া, কৃষ্ণ দাস, সহ সম্পাদক অসীম দত্ত, প্ৰশিক্ষক ৰঞ্জন দত্ত, গৌৰাংগ বড়া, শৰীৰ চৰ্চাৰ জিলা সম্পাদক নীলোৎপল দত্ত, বিশিষ্ট সমাজকৰ্মী ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ আৰু কলা কৃষ্টি সংঘৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক পুষ্পধৰ নেওগ, শিৱসাগৰ জিলাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ-সভাপতি তথা শিক্ষাবিদ অসীম দত্ত, সমাজকৰ্মী বিশিষ্ট অভিনেতা সৌৰভ শইকীয়া, বিশ্বজিৎ নেওগ আৰু যুৱনেতা আকাশ শইকীয়া ।
ইয়াৰ লগতে উক্ত অনুষ্ঠানত অসম যুথ অলিম্পিকত পদক পাবলৈ সক্ষম হোৱা খেলুৱৈসকলক অভিনন্দন জনোৱা হয় । ফুলপানীছিগা অমৰজ্যোতি ক্লাবৰ হৈ দিপক দুৱৰা, অৰ্পণজ্যোতি দত্ত, ভাস্কৰ বৰপাত্ৰগোঁহাই আদি বিষয়ববীয়াসকলে পদকপ্ৰাপ্ত খেলুৱৈসকলক জনায় অভিনন্দন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments