অলিম্পিয়া প্ৰতিবেদন
কেৰালাত ১৭ ৰ পৰা ২৩ জুনলৈ অনুষ্ঠিত হ’ব ৮৩ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু য়ুথ টেবুল টেনিছ চেম্পিয়নশ্বিপ । অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই ইয়াৰ বাবে ৰাজ্যিক দলটো ঘোষণা কৰিছে । অসম দলৰ সৈতে মেনেজাৰ হিচাপে ৰঞ্জিত দত্ত আৰু প্ৰশিক্ষক হিচাপে হৃষিকেশ বৰা যাব । অসম দলৰ পেডলাৰসকল হ’ল — ১৭ অনূৰ্দ্ধ জুনিয়ৰ ল’ৰা : হৃদয় জ্যোতি শৰ্মা, অধিৰজা হাজৰিকা, আয়ান আজিজ, শ্ৰেয়াছ দাস ; ছোৱালী : ভূমিকা কৌশিক, হৰ্ষিতা দাস, ভাবনা কাশ্যপ, ধনিষ্ঠা শইকীয়া ; ১৯ বছৰ অনূৰ্দ্ধ য়ুথ ল’ৰা : অগ্নিভ ভাস্কৰ গোহাঁই, অৰ্ক কুমাৰ গগৈ, হৃদয় জ্যোতি শৰ্মা, আহ্নিক গৌতম ভট্ট ; ছোৱালী : তৃষা গগৈ, হৰ্ষিতা দাস, ভূমিকা কৌশিক আকাংখ্যা ডেকা । বৰ্তমান ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়ানুজ ভট্টাচাৰ্যই ল’ৰাৰ জুনিয়ৰ আৰু য়ুথ উভয় শাখাতে অসমক প্ৰতিনিধিত্ব কৰিব ।