অলিম্পিয়াৰ প্ৰতিবেদন
শেহতীয়াকৈ পোহৰলৈ আহিছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈৰ দুৰ্দশাৰ কাহিনী। জীয়াই থকাৰ তাড়নাত এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে বিক্ৰী কৰিবলগীয়া হৈছে হাড়িয়া।

বিমলা মুণ্ডা নামৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈয়ে কাৰাটেত ব্লেক বে’ল্ট লাভ কৰাৰ উপৰিও ২০০৮ আৰু ২০০৯ চনত লাভ কৰিছিল দুটাকৈ স্বৰ্ণ পদক। ইয়াৰ উপৰিও বিমলাই বিভিন্ন প্ৰতিযোগিতাত লাভ কৰিছিল বহু সফলতা।
ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ বাবে আৰ্থিকভাৱে জুৰুলা পৰিয়ালৰ কন্যা বিমলাই আশা কৰিছিল তেওঁ হয়তো ক্ৰীড়া স্কলাৰশ্বিপ বা সংস্থাপন লাভ কৰিব। কিন্তু দীৰ্ঘদিন ধৰি স্কলাৰশ্বিপ বা সংস্থাপনৰ আশা নেদেখাত অৱশেষত নিজেই হাড়িয়া ( ঘৰতে প্ৰস্তুত কৰা মদ) প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

বিমলাৰ এই খবৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই এতিয়া ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰৰ জড়িয়তে বিমলা মুণ্ডাক সহায় কৰিব বুলি জনোৱাৰ উপৰিও অতি শীঘ্ৰে ৰাজ্যখনৈ ক্ৰীড়া নীতি বলবৎ কৰিব বুলিও জনাইছে। তেওঁ কৈছে যে ৰাজ্যচৰকাৰে এটা প’ৰ্টেল তৈয়াৰ কৰি আছে য’ত খেলুৱৈসকলে বিভিন্ন অভাৱ, অভিযোগ দাখিল কৰিব পাৰিব।
মন কৰিবলগীয়া যে জীৱিকাৰ তাড়নাত নিজেই হাড়িয়া প্ৰস্তুত কৰি বিক্ৰী কৰা বিমলাই সংবাদ মাধ্যমৰ আগত কৈছে যে চৰকাৰে কেৱল কাৰাটে বুলিয়েই নহয়, অন্যান্য খেলুৱৈকো গুৰুত্ব প্ৰদান নকৰে।
