Thursday, July 7, 2022
HomeNewsৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জুমন...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জুমন কলিতা আৰু অন্যান্য কিছুকথা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জুমন কলিতা আৰু অন্যান্য কিছুকথা

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: ক্ৰীড়াকে জীৱনৰ ব্ৰত হিচাপে লোৱা, ক্ৰীড়া এক নিচাত পৰিণত হোৱা তেজপুৰ কেতেকীবাৰীৰ জুমন কলিতাৰ জন্ম হৈছিল ২৮-০১-১৯৯৫ চনত। দেউতাকৰ নাম প্ৰয়াত বিমল কলিতা আৰু মাকৰ নাম লক্ষীমনি কলিতা । ২০০৫ চনৰ পৰা বৰ্তমানলৈ ভলীবল খেলৰ লগত জড়িত হৈ থাকি বিভিন্ন তিতা-কেহা অভিজ্ঞতাৰেপুষ্ট জুমনৰ আছে ক্ৰীড়াৰ এক স্বৰ্ণীল যাত্ৰা।

২০০৫ চনত ভলীবলটো হাতত তুলি লৈ তেওঁ ২০০৮ চনত ধেমাজিত অনুষ্ঠিত আন্তঃজিলা মিনি ভলীবল প্ৰতিযোগিতাত তেজপুৰ জিলা দলক প্ৰতিনিধিত্ব কৰে । এয়াই আছিল তেওঁৰ ভলীবল যাত্ৰাৰ আৰম্ভণী । ইয়াৰ পিছত তেওঁ আৰু পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। পৰ্যায়ক্ৰমে ইখনৰ পিছত সিখন ছাব-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰ দলৰ হৈ অংশগ্ৰহণ কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । ইয়াৰ সুবাদতে তেওঁ ২০১০ চনত ছাব জুনিয়ৰ নেচনেল, ২০১২ চনত জুনিয়ৰ নেচনেল, ২০১৬ চনত ইউথ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে ।

আৰু অধিক পঢ়ক

ইয়াৰ উপৰি ২০১৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় । ২০১৮ চনত আন্তঃবিশ্ববিদ্যালয় ভলীবল প্ৰতিযোগিতাত ৰানাৰ্চআপ আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰা জুমনে একমাত্ৰ ক্ৰীড়াক ভাল পোৱাৰ স্বাৰ্থতে অইন বিষয় নপঢ়ি ২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি পি এড ডিগ্ৰী আৰু ২০২১ চনত এল এন আই পিৰ পৰা ক্ৰীড়াৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

ভলীবলৰ এন আই এছ পাঠ্যক্ৰম পঢ়াৰ বাবে মনতে আশা পুহি ৰাখিছে যদিও একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবে তেওঁ আশা পূৰণ কৰিব পৰা নাই । সূদীৰ্ঘ সময় ক্ৰীড়া আৰু পঢ়াত ব্যস্ত থকা জুমনৰ এতিয়া চলি থাকিবলৈও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । আৰ্থিক অনাটনত ভুগি থাকি ক্ৰীড়াক আগবঢ়াই নিয়াটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে । তথাপি তেওঁ যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলপথাৰ এৰি দিয়া নাই । পুৱা-গধুলি খেলুৱৈসকলৰ লগত লাগি থকাটো তেওঁৰ অভ্যাসত পৰিণত হৈছে ।

ক্ৰীড়াৰ লগত লাগি থাকিয়েই তেওঁ হেজাৰ দুখ কষ্ট পাহৰি থাকে । প্ৰতিভাবান খেলুৱৈসকলক সূপৰিকল্পিত ভাৱে আগুৱাই লৈ যোৱাটো তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্য জ্ঞান কৰি আহিছে । জুমনৰ দৰে বহুতেই ক্ৰীড়া বিষয়ত ডিগ্ৰী লৈ চাকৰি নোহোৱাৰ বাবে ঘৰতে বহি-শুই পাৰ কৰি আহিছে মূল্যৱান সময় । তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি অনীহা আহি পৰিছে । অনীহা অহা কথাটো একো অস্বাভাৱিক কথা নহয় । এওঁলোকে জীৱনৰ আধা সময় ক্ৰীড়াতে খৰছ কৰিছে ।

ক্ৰীড়াত জড়িত থাকি নিজেই জীৱন জীৱিকাৰ পথ নোপোৱা এই সকলে, খেলুৱৈসকলক খেল পথাৰলৈ উলিয়াই আনি ৰিস্ক ল’ব নোখোজে । জীৱনটো ক্ৰীড়াত জড়িত থাকি কি পালি বুলি কাৰোবাৰ প্ৰশ্নৰ সন্মুখীন হ’ব পৰা উত্তৰ তেওঁলোকৰ হাতত নাই । সেয়েহে দুখে বেজাৰে নিজক লুকুৱাই ঘৰতে সুমাই থাকিবলগীয়া হৈছে । এই দুখ, বেজাৰ জুমনৰো নথকা নহয় । কিন্তু কিবা এক গভীৰ আশাত তেওঁ বন্দী হৈ পৰিছে । যাৰ বাবে তেওঁ তেজপুৰ ভলীবল ক’চিং চেণ্টাৰত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে ।

২০১০ চনত ছাব-জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ ল’ৰাৰ দলটোৰ তেওঁ প্ৰশিক্ষক আছিল । ২০১০ চনত আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেজপুৰ চেম্পিয়ন দলটোৰ তেওঁ প্ৰশিক্ষক আছিল । ২০২০ আৰু ২০২১ চনৰ তেজপুৰ জুনিয়ৰ দল দুটাৰো তেওঁ প্ৰশিক্ষকৰ ভুমিকা পালন কৰিছিল । ক্ৰীড়াৰ উন্নতিৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে । এদিনতে এজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে । ইয়াৰ বাবে লাগিব সূপৰিকল্পিত, বিজ্ঞান সন্মত, দীৰ্ঘকালীন আঁচনি ।

খেলুৱৈৰ সংখ্যা বৃদ্ধি কৰা, যি খেল খেলিলে খেলুৱৈ গৰাকীয়ে লাভৱান হ’ব পাৰে তেনে খেলুৱৈ বিভিন্ন ইভেন্টৰ বাবে নিৰ্বাচন কৰা, প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি কৰা, ঠায়ে ঠায়ে একাডেমী গঢ়ি তোলা, খেলুৱৈসকলৰ সুনিশ্চিত ভবিষ্যৎ নিৰুপন কৰা, বিদ্যালয়সমূহত শাৰীৰিক শিক্ষা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা ইত্যাদি অনেক কথাই আঁচনি খনত সামৰি ল’ব লাগিব ।

তেতিয়াহে ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ় দিব পৰা যাব আৰু অসম ক্ৰীড়াৰ ৰাজধানী হৈ পৰিব । অসমত জুমন কলিতাৰ দৰে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে বা ক্ৰীড়াৰ ভালেমান ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ আছে । তেওঁলোকে খেলুৱৈসকলক ক্ৰীড়াৰ পোহৰ বিলাই দি নিজেই অন্ধকাৰত ডুবি থাকিবলগীয়া হৈছে একমাত্ৰ কৰ্মসংস্থাপনৰ অভাৱত ।

খেলৰ গুৰুসকলেই যেতিয়া নিজৰ জীৱনটোক লৈ চিন্তা কৰিবলগীয়া হয়, তেতিয়া হলে ছাত্ৰসকলৰ কি অৱস্থা হ’ব পাৰে সেয়া সহজে অনুমেয় । এই বিলাক কাৰণতে খেলুৱৈসকলে বৰ্তমান সময়ত খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বা অভিভাৱক সকলেও নিজৰ ল’ৰা-ছোৱালীক খেলিবলৈ উৎসাহিত নকৰে । যাৰ ফলত অসমৰ ক্ৰীড়া এতিয়াও ধেমালিৰ বস্তু হৈয়ে আছে । চৰকাৰলৈ বিনম্ৰ অনুৰোধ– যোগ্যতা ভিত্তিত শাৰিৰীক নিৰ্দেশক, প্ৰশিক্ষক, ৰাষ্ট্ৰীয় খেলুৱৈ তথা ক্ৰীড়া সংগঠকসকলক কৰ্ম সংস্থাপনৰ সুবিধা কৰি দি ক্ৰীড়াৰ এক সুস্থ বাতাবৰণ সৃষ্টি কৰাত উল্লেখ্যযোগ্য পদক্ষেপ গ্ৰহণ কৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments