Monday, July 4, 2022
HomeNewsৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ ভলীবলত পদকপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ ভলীবলত পদকপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ ভলীবলত পদকপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: অসম প্ৰবীন ভলীবল খেলুৱৈ সন্থাৰ উদ্যোগত ২৯ মে’ৰ পুৱা ১১ বজাত নলবাৰী জিলাৰ পাইকাৰকুছিত অৱস্থিত প্ৰণীতা ৰেষ্টুৰেন্টত যোৱা ১৮ মে’ৰ পৰা ২২ মে’লৈ কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হয় চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছৰ ভলীবল প্ৰতিযোগিতা । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৫০ বছৰ ঊৰ্দ্ধৰ অসমৰ ভলীবল দলটোৱে চেম্পিয়ন হোৱাৰ লগতে ৪০ ঊৰ্দ্ধৰ দলটোৱে ফাইনেলিষ্ট সন্মান অৰ্জন কৰে ।

আৰু অধিক পঢ়ক

অসম দলটোত নলবাৰীৰ ৭ গৰাকী প্ৰবীণ এথলেটিকছে উক্ত প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি পদক পাবলৈ সক্ষম হৈছে । পদকপ্ৰাপ্ত খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ বাবে ২৯ মে’ দেওবাৰে এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ কাৰ্যকৰী সভাপতি চয়ন ৰয়ে ।

অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ মনোজ কুমাৰ চৌধুৰী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ন পাটোৱাৰী, ক্ৰীড়া সংগঠক গনেশ তামুলী, নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা, অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ উপ সভাপতি মনোজ কুমাৰ পাঠক, কোষাধ্যক্ষ প্ৰদীপ শৰ্মা আদি বিশিষ্ট ব্যাক্তি সকল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

খেলুৱৈসকলক একোখন গামোছা আৰু এটি বেগেৰে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোৰ আঁত ধৰে অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ প্ৰচাৰ সম্পাদক দীপক কুমাৰ দাসে । খেলুৱৈসকলে নিজৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে মন্তব্য প্ৰদান কৰাৰ লগতে অতিথিসকলে দল দুয়োটাৰ লগতে এথলেটিকছ খেলুৱৈসকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে ।

শলাগৰ শৰাই আগবঢ়ায় অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সভাপতি নৃপেন্দ্ৰ দাসে । উল্লেখযোগ্য যে ৫০ ঊৰ্দ্ধৰ ভলীবল দলটোৱে চুড়ান্ত খেলত মহাৰাষ্ট্ৰক হৰুৱাই বিজয়ীৰ সন্মান লাভ কৰাৰ বিপৰীতে ৪০ ঊৰ্দ্ধৰ ভলীবল দলটোৱে চুড়ান্ত খেলত কৰ্ণাটকৰ বিৰুদ্ধে পৰাজিত হৈ বিজেতাৰ সন্মান লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments