ৰাষ্ট্ৰীয় শক্তি উত্তোলনত উজলিল অসম নটা সোণৰ পদকসহ ১৫টা পদক অৰ্জন

অলিম্পিয়াৰ প্ৰতিবেদক ঃ যোৱা ৪, ৫ আৰু ৬ এপ্ৰিলত পশ্চিমবংগৰ হাওৰাত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ ১৯জনীয়া দলটিয়ে  বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। দলটিয়ে ৯টা সোণৰ, ৪টা ৰূপৰ আৰু ২টা ব্ৰঞ্জৰ পদক সৰ্বমুঠ ১৫টা  পদক দখল কৰিবলৈ সক্ষম হয়। ছোৱালীৰ শাখাত সোণৰ পদক অৰ্জন কৰে ক্ৰমে কাঞ্চন বৰুৱা, উপৰ্ণা ডেকা, পিংকি গগৈ, দেৱলীনা বৰা আৰু ৰুঞ্জাপ্ৰিয়া পাঠকে। ৰূপৰ পদক অৰ্জন কৰে ক্ৰমে জোনমণি বড়ো, কল্যাণী গগৈয়ে আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে গীতাঞ্জলি গগৈয়ে। ল’ৰাৰ  শাখাত সোণৰ পদক অৰ্জন কৰে ক্ৰমে পল্লৱ কোচ, চন্দনজ্যোতি ফুকন, বিদ্যুত বৰা আৰু ভাৰ্গৱ বৈশ্যই। ৰূপৰ পদক দখল কৰে ক্ৰমে ডেনিছ শইকীয়া সোণোৱাল আৰু ৰাহুল শইকীয়াই। ব্ৰঞ্জৰ পদক লাভ কৰে হাজিবুল হাছানে। এই প্ৰতিযোগিতাতে অসম শক্তি উত্তোলক সন্থাৰ সাধাৰণ সম্পাদক অজয় চেতিয়াক ৰাষ্ট্ৰীয় শক্তি উত্তোলক ফেডাৰেচনে বিশেষভাৱে  সম্বৰ্ধনা জনায় আৰু ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *