অসমৰ উদিয়মান শ্বুটাৰ হৃদয় হাজৰিকা পুনৰ সংবাদ শিৰোনামলৈ আহিছে। যোৱা শনিবাৰে ১৯বৰ্ষীয় হৃদয়ে ডাঃ কাৰ্নি সিং ৰেঞ্জত ৰাষ্ট্ৰীয় শ্বুটিং ট্ৰায়েলত ৰেকৰ্ড সৃষ্টি কৰি প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ট্ৰায়েলত হৃদয়ে ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত শীৰ্ষ স্থান লাভ কৰিছে।
হৃদয়ে শ্বুটিঙৰ এই ট্ৰায়েলত ২৫৩.২ স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল। যি স্ক’ৰ ১০ মিটাৰ এয়াৰ ৰাইফলত বিশ্ব ৰেকৰ্ডতকৈ বেছি। ২০১৯ চনৰ ৩০ আগষ্টত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ইণ্টাৰনেচনেল স্প’ৰ্টছ ফেডাৰেচন ৰাইফল আৰু পিষ্টল বিশ্বকাপত চীনৰ য়ুহাননে কৰা ২৫২.৮ স্ক’ৰতকৈ বেছি।
পূৰ্বৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয় হাজৰিকাই মুঠ ৬২৮.৪ পইণ্টৰ সহায়ত সপ্তম স্থানত কোৱালিফায় কৰে। তেওঁ ফাইনেলত ঐশ্বৰ্য প্ৰতাপ সিং টোমাৰ ১.৭ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ঐশ্বৰ্য প্ৰতাপে ৫০মিটাৰ থ্ৰী পজিচন ৰাইফল শাখাত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।
মনকৰিবলগীয়া যে অসমৰ এইগৰাকী প্ৰতিভাৱান শ্বুটাৰে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। ২০১৮চনত তেওঁ জুনিয়ৰ বিশ্বকাপত চেম্পিয়ন হবলৈ সক্ষম হৈছিল।