ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ৰ সোণৰ পদক অৰ্জন

অলিম্পিয়া প্রতিবেদন

বেংগালুৰুত অনুষ্ঠিত নেচনেল একোৱাটিক চেম্পিয়নশ্বিপত ইটোৰ পাছত সিটো পদক লাভ কৰি অসমৰ খেলুৱৈসকলে সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে। ছুইমিং ফেডাৰেচন অব ইণ্ডিয়াৰ উদ্যোগত ১৯ ৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত ৩৭ সংখ্যক চাব জুনিয়ৰ আৰু ৪৭ সংখ্যক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা জনঞ্জয় জ্যোতি হাজৰিকাই ল’ৰাৰ জুনিয়ৰ ৫০ মিটাৰ বাটাৰফ্লাই শাখাত স্বৰ্ণ পদক অৰ্জন কৰে ৷ জনঞ্জয় গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আৰু গোলাঘাট চানমাৰীৰ গুনকান্ত হাজৰিকাৰ পুত্ৰ৷ প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা জনঞ্জয়ৰ সফলতাত গোলাঘাটৰ ক্ৰীড়াপ্ৰেমী সকলে সন্তোষ প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *