Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় সাতোঁৰৰ অন্তিম দিনা অসমৰ দুটা স্বৰ্ণ পদক

ৰাষ্ট্ৰীয় সাতোঁৰৰ অন্তিম দিনা অসমৰ দুটা স্বৰ্ণ পদক

 আস্থাৰ পাছত জলপৰী শিৱাংগীৰো নতুন অভিলেখ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত অনুষ্ঠিত ৭৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় সাতোঁৰৰ অন্তিম দিনা অসমৰ মহিলা সন্তৰণবিদে দুটা স্বৰ্ণ পদক জয় কৰিলে । শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডা০ জাকিৰ হুছেইন একুৱেটিক প্ৰকল্পত অসমৰ জলপৰী আস্থা চৌধুৰীৰ পাছত শিৱাংগী শৰ্মাইও নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে । সামৰণিৰ দিনা অসমলৈ প্ৰথমেই স্বৰ্ণ পদক আনে আগদিনা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়া আস্থা চৌধুৰীয়ে ।

মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত ২ মিনিট ২২.৫৯ ছেকেণ্ডেৰে আস্থাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ২ মিনিট ২৪.৩৭ ছেকেণ্ডেৰে মধ্যপ্ৰদেশৰ কন্যা নায়াৰে ৰূপ আৰু ২ মিনিট ২৪.৪৮ ছেকেণ্ডেৰে তেলেংগানাৰ বৃত্তি আগৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰে । ইফালে মহিলাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত ৫৭.৭৩ ছেকেণ্ড সময় লৈ শিৱাংগী শৰ্মাই স্বৰ্ণ পদক অৰ্জন কৰাই নহয়, নতুন অভিলেখো গঢ়ে ।

২০১৯ চনত কেনিশা গুপ্তাই ৫৮.২৫ ছেকেণ্ডেৰে গঢ়া ৰাষ্ট্ৰীয় অভিলেখ শিৱাংগীয়ে .৫৩ মাইক্ৰ’ছেকেণ্ডেৰে অতিক্ৰম কৰে । এই ইভেণ্টত ৰেলৱেৰ অৱন্তিকা সুধীৰ চমনে ৰূপ আৰু বিহাৰৰ মাহি শ্বেতৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে । এই ছিনিয়ৰ ৰাষ্ট্ৰীয় সাতোঁৰত শিৱংগীৰ এইটোৱেই হ’ল একমাত্ৰ সোণৰ পদক । ব্যক্তিগতভাৱে তেওঁ লাভ কৰিছে দুটা ৰূপৰ পদক । ২০২১ বৰ্ষত বাংগালুৰুত অনুষ্ঠিত ৭৪ সংখ্যক ৰাষ্ট্ৰীয় সাতোঁৰত শিৱাংগীয়ে লাভ কৰিছিল তিনিটাকৈ স্বৰ্ণ পদক ।

পুৰুষ শাখাত অন্তিম দিনাও পদক লাভ কৰে অসম সন্তান বিক্ৰম চাংমায়ে । পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ২ মিনিট ০৫.২৪ ছেকেণ্ড সময় লৈ বিক্ৰমে ব্ৰঞ্জ দখল কৰে । অসমে তিনিটা সোণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ ১০ টা পদক জয়েৰে পদক তালিকাৰ ষষ্ঠ স্থানত অভিযান সামৰিলে । শীৰ্ষস্থানত থকা কৰ্ণাটকে ১৪ টা স্বৰ্ণসহ মুঠ পদক লাভ কৰে ২৯ টা । বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামীৰ সৈতে মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ । অসম সাতোঁৰ সন্থাৰ সভাপতি ৰঞ্জিৎ বৰগোঁহাইসহ বিভিন্নজনে বঁটাসমূহ বিতৰণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments