Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় সাতোঁৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

ৰাষ্ট্ৰীয় সাতোঁৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

ৰাষ্ট্ৰীয় সাতোঁৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত চলি থকা ৭৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীয়ে মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাইত নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে ৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ড॰ জাকিৰ হুছেইন একুৱেটিক প্ৰকল্পত আস্থাই ১৩ বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে ৷ শুকুৰবাৰে ১০০ মিটাৰ বাটাৰফ্লাইত আস্থাই ১: ০৩ঃ ০৭ সময়লৈ ২০০৯ ত অৰ্হতা মেঘাভীয়ে স্থাপন কৰা অভিলেখ অতিক্ৰম কৰে ৷ অৰ্হতাই সময় লৈছিল ১: ০৩ঃ ২৪ ৷

আস্থাই স্বৰ্ণ পদক অৰ্জন কৰা এই ইভেণ্টত কৰ্ণাটকৰ তানিছি গুপ্তাই ৰূপ আৰু হাৰিয়ানাৰ দিব্যা ছাবজিয়ে ব্ৰঞ্জৰ পদক পায় ৷ শিৱসাগৰৰ আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাইত জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখো ভংগ কৰিছে ৷ ১৮ বছৰীয়া আস্থাই দিল্লীৰ গ্লেনমাৰ্ক একুৱেটিক ফাউণ্ডেছনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

অসমৰ বাবে আন কেইবাটাও সুখবৰ আছে ৷ ৰাজ্যখনৰ আগশাৰীৰ মহিলা সন্তৰণবিদ শিৱাংগী শৰ্মাই দুটা ৰূপ আৰু পুৰুষ শাখাত বিক্ৰম চাংমায়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ শিৱাংগীয়ে মহিলাৰ ২০০ মিটাৰ ফ্ৰিষ্টাইলত ২ঃ ০৯ঃ ৫০ সময় লৈ ৰূপৰ পদক অৰ্জন কৰে ৷ এই ইভেণ্টত সোণ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে কৰ্ণাটকৰ দুই সন্তৰণবিদ ক্ৰমে ধিনিধি ডেচিংহু আৰু ৰুজুলা এছে ৷

শিৱাংগীয়ে ৫০ মিটাৰ ফ্ৰিষ্টাইলতো ৰূপৰ পদক লাভ কৰে ৷ এই শাখাত গুৱাহাটীৰ এই খেলুৱৈগৰাকীয়ে অলিম্পিয়ান গুজৰাটৰ মান্না পেটেলক অতিক্ৰম কৰি ৰূপ অৰ্জন কৰে ৷ ইভেণ্টটোত আৰ এছ পি বিৰ অৱন্তিকা সুধিৰ ছাৱনে সোণ আৰু মান্না পেটেলে ব্ৰঞ্জৰ পদক পায় ৷ আনগৰাকী অসম সন্তান বোকাখাতৰ বিক্ৰম চাংমাইয়ে পুৰুষৰ ১০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে ৷

১০০ মিটাৰত দ্বিতীয় স্থান অৰ্জন কৰিলেও বিক্ৰমে ৫০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জৰ পদকহে লাভ কৰে ৷ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে এই পৰ্যন্ত এটা সোণ চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জেৰে মুঠ সাতটা পদক অৰ্জন কৰি পদক তালিকাৰ সপ্তম স্থানত আছে ৷ কৰ্ণাটকে ১২ টা সোণ সহ মুঠ ২৪ টা পদকেৰে তালিকাৰ শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয়ৰ পৰা ষষ্ঠ স্থানলৈ আছে ক্ৰমে এছ এছ চি বি, দিল্লী, আৰ এছ পি বি, গুজৰাট আৰু হাৰিয়ানা ৷

এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে অধিক পদক অৰ্জন কৰিব বুলি আশা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীয়ে ৷ অন্তিম দিনা আন কেইবাটাও ইভেণ্টত অসমৰ খেলুৱৈসকলে দেশৰ আন ৰাজ্যৰ সন্তৰণবিদক অতিক্ৰম কৰি পদক তালিকাত উন্নত স্থান অধিকাৰ কৰিব বুলি ৰাজ্যবাসী আশাবাদী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments