Tuesday, October 4, 2022
HomeNewsৰাহুল টেৱাটিৱা আৰু ৰছিদ খানৰ মাৰমুখী বেটিং তাণ্ডৱত তচনচ হায়দৰাবাদ

ৰাহুল টেৱাটিৱা আৰু ৰছিদ খানৰ মাৰমুখী বেটিং তাণ্ডৱত তচনচ হায়দৰাবাদ

ৰাহুল টেৱাটিৱা আৰু ৰছিদ খানৰ মাৰমুখী বেটিং তাণ্ডৱত তচনচ হায়দৰাবাদ

অলিম্পিয়া প্ৰতিবেদন: ঋদ্ধিমান সাহাৰ বেটত বৰষিল যেন অগ্নি । ৰাহুল টেৱাটিৱা আৰু ৰছিদ খানৰ মাৰমুখী বেটিং তাণ্ডৱত তচনচ ছানৰাইজাৰ্ছ হায়দৰাবাদ । যুৱ পেচ বলাৰ ওমৰাণ মালিকৰ ৫ উইকেটেও পৰাজয় গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে কেন উইলিয়ামচন বাহিনীক ।

বুধবাৰে আই পি এলৰ মৈদানত এখন হাইভল্টেজ মেচ । সমুখ সমৰত নামিল হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বৰ গুজৰাট টাইটানছ বনাম কেন উইলিয়ামচন নেতৃত্বৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

আৰু অধিক পঢ়ক

প্ৰথমে বেটিং কৰি হায়দৰাবাদে ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৯৫ ৰাণ । হায়দৰাবাদৰ হৈ এইডেন মাৰ্কৰামে ৫৬ আৰু অভিষেক শৰ্মাই ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায় । অধিনায়ক হিচাপে উইলিয়ামচনে ৫ ৰাণ কৰিয়ে আউট হলেও পাছৰ বেটিং ক্ৰমে এক সুন্দৰ লক্ষ্য বান্ধি দিয়ে । জয়ৰ বাবে ১৯৬ ৰাণৰ লক্ষ্য হিচাপে লৈ ক্ৰীজত নামিল পাণ্ডিয়া বাহিনী । গুজৰাটৰ হৈ ঋদ্ধিমান সাহাই দেখুৱালে বেটিং পৰাক্ৰম । অৰ্ধশতকৰে উজলিল দুৰ্ধৰ্ষ বেটাৰ ঋদ্ধিমান । ১১ টা বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰীৰে ৩৮ বলত ঋদ্ধিমান সাহাই ৬৮ ৰাণৰ সুন্দৰ ইনিংছ খেলে । অধিনায়ক হিচাপে হাৰ্ডিক পাণ্ডিয়া ১০ ৰাণতে আউট হলেও তেওঁৰ সতীৰ্থৰ বেটিং ধুমুহাত পুনৰ জয়ৰ মুখ দেখিলে আই পি এলৰ নতুন দল গুজৰাট টাইটানছে । ৰাহুল টেৱাটিৱা আৰু ৰছিদ খানৰ অপৰাজিত ইনিংছটোত চমকিত হৈ পৰিল ক্ৰিকেট বিশ্ব ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দুয়োগৰাকী খেলুৱৈয়ে অন্তিম অভাৰত ফৰ আৰু ছিক্সাৰ কোবাই মেচখন কৰি তুলিলে ৰোমাঞ্চকৰ । গুজৰাটৰ হৈ ৰাহুল টেৱটিয়াই ২১ টা বলত ৪০ ৰাণ কৰি আউট নোহোৱাকৈ ৰয় । সেইদৰে, ১১ টা বলত ৩১ ৰাণ কৰি জয়ৰ প্ৰলেপ দিলে বিষ্ফোৰক বেটাৰ ৰছিদ খানে । ৰছিদৰ ইনিংছত আছিল ৪ টাকৈ ছিক্সাৰ । অন্তিম বলত গুজৰাট টাইটানছক জিকিবলৈ প্ৰয়োজন আছিল ৩ ৰাণ । ক্ৰিকেট বিশ্বৰ চকু নিবদ্ধ আছিল ৰছিদৰ ওপৰত। বুকুৰ ধপধপনি বাঢ়িছিল অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰো । কাৰণ ষ্ট্ৰাইকত আছে আফগানিস্তানৰ দুৰ্ধৰ্ষ অলৰাউণ্ডাৰ ৰছিদ খান । অন্তিম বলত এটা অভাৰ বাউণ্ডেৰীৰে ৰছিদ খানে জয়ৰ লক্ষ্য অতিক্ৰম কৰলে পাণ্ডিয়া বাহিনীক । ৫ উইকেটেৰ বিনিময়ত ১৯৯ ৰাণ সংগ্ৰহৰে পুনৰ জয়ৰ গৌৰৱ অৰ্জন কৰিলে গুজৰাট টাইটানছে ।


ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুৱ পেচ বলাৰ উমৰাণ মালিকে অকলেই ৫ টা উইকেট দখল কৰিলেও সেই বলিং পৰাক্ৰম যেন উফৰি পৰিল গুজৰাট টাইটানছৰ খেলুৱৈৰ সন্মুখত । বলিঙত গুজৰাটৰ হৈ মহম্মদ ছামিয়েও ৩ টা উইকেট দখলৰে হায়দৰাবাদ বেটাৰক কৰিলে বিধ্বস্ত ।
এই জয়ৰ পাছতেই ১৪ পইন্ট সংগ্ৰহেৰে পুনৰ পইন্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হ:ল গুজৰাট টাইটানছ । এই পৰ্যন্ত গুজৰাটে খেলা ৮ খন মেচৰ ভিতৰত ৭ খনতেই জয়লাভ কৰিছে । আনহাতে, পৰাজয় বৰণ কৰাৰ পাছত ১০ পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ । হায়দৰাবাদে ৮ খন মেচত অৱৰ্তীণ হৈ ৫ খনত জয়ৰ মালা পিন্ধিছে ।

আই পি এলৰ নতুন দল গুজৰাট টাইটানছৰ উন্নত প্ৰদৰ্শন দৃষ্টিগোচৰ হৈছে ক্ৰিকেট বিশ্বৰ । গুজৰাটৰ অনুৰাগীৰ আশা–চলিত ছিজনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰক হাৰ্ডিক পাণ্ডিয়াৰ অধিনায়ত্বৰ নতুন দল গুজৰাট টাইটানছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments