Friday, September 30, 2022
HomeMiscellaneousৰাহুল দ্ৰাবিড় আৰু ৰিয়ান পৰাগ

ৰাহুল দ্ৰাবিড় আৰু ৰিয়ান পৰাগ

✍️ ড০ পদ্মপাণি

ৰাহুল  দ্ৰাবিড় মোৰ অতি প্ৰিয় খেলুৱৈ। ৰাহুল দ্ৰাবিড়তকৈ বহুতো বেছি ভাল খেলা ক্ৰিকেটাৰ থকা সত্ত্বেও মোৰ দৰে অজস্ৰ ক্ৰিকেটপ্ৰেমীৰ ৰাহুল বিশেষ প্ৰিয়ভাজন হোৱাৰ বহুতো কাৰণ আছে। ৰাহুল দ্ৰাবিড়ৰ দৰে ভদ্ৰ, অমায়িক, আদৰ্শৱান খেলুৱৈ বিশ্বত বিৰল। দ্ৰাবিড়ৰ বিষয়ে লিখিবলগীয়া বহুখিনি আছে। সময়ত সেয়া বহলাই লিখিম। ৰাহুল দ্ৰাবিড়ৰ মই ইমানেই অনুৰাগী যে ২০০৩ চনত বাংগালুৰুলৈ যাওঁতে ৰাহুলে দক্ষিণ আফ্ৰিকাত বিশ্বকাপ খেলিবলৈ যোৱাৰ আগদিনা তেওঁৰ ঘৰত দুঘণ্টা বোন্দাপৰ দি দেখা কৰি অসমৰ হৈ শুভেচ্ছা জনাই আহিছিলোঁ। উল্লেখযোগ্য যে ১৯৯৯ চনত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপত ৰাহুলে দুটা চেঞ্চুৰীসহ অপূৰ্ব প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

অতি আনন্দৰ কথা যে মোৰ এই প্ৰিয় খেলুৱৈজনে প্ৰশিক্ষক হৈ থকাৰ সময়তেই অসমৰ ৰিয়ান পৰাগে অনূৰ্ধ্ব ১৯ৰ বিজয়ী ভাৰতীয় দলৰ সদস্য হৈ এনে গৌৰৱৰ অধিকাৰী একমাত্ৰ অসমীয়া ক্ৰিকেটাৰ হোৱাৰ সৌভাগ্য হ’ল। এনে বিৰল সন্মান লাভ কৰাজন নিশ্চয় আমাৰ সকলোৰে প্ৰশংসাৰ পাত্ৰ। কিন্তু ৫ ফেব্ৰুৱাৰীৰ ‘নিয়মীয়া বাৰ্তা’ত (ৰিয়ান পৰাগ ঃ ঈৰ্ষণীয় সাফল্য) পূৰ্বজ্যোতি চুতীয়াই লিখাৰ দৰে ‘অতিমাত্ৰা প্ৰশংসাই ফুলকুমলীয়া বয়সত এজন উদীয়মান খেলুৱৈক কক্ষচ্যুত কৰাৰ অলেখ উদাহৰণ আছে’। অকল খেলুৱৈকে নহয়, কিমান প্ৰতিভাশালী ছাত্ৰক এনে অতিমাত্ৰা প্ৰশংসাই ধ্বংসৰ মুখলৈ ঠেলি দিছে আমি দেখোন দেখিয়েই আছোঁ। এই প্ৰসংগত বিশিষ্ট বিজ্ঞানী ড০ জিতেন্দ্ৰ গোস্বামীয়ে ঘনশ্যাম গোস্বামী ন্যাসৰ দ্বাৰা গুৱাহাটীৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ বছা বছা ছাত্ৰ-ছাত্ৰীৰ কাৰণে আয়োজিত সভাত দাঙি ধৰা উদাহৰণ এটাৰ কথা উল্লেখ কৰিব খোজোঁ।

ড০ জিতেন্দ্ৰ গোপাল বৰপূজাৰীয়ে ১৯৫৮ চনতেই প্ৰৱেশিকা পৰীক্ষাত যোৰহাট চৰকাৰী বালক উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ পৰা আটাইকেইটা বিষয়ত লেটাৰসহ অসমৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফল ওলোৱাৰ সময়ত তেওঁ গুৱাহাটীত আছিল। খবৰ ওলোৱাৰ পিছদিনা যোৰহাটমুখী ৰঙা ৰঙা বাছত (সেই সময়ত যোৰহাট-গুৱাহাটীৰ মাজত ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা ৰঙৰ এখন বাছ চলিছিল) উঠি যোৰহাট অভিমুখে ৰাওনা হ’ল। যোৰহাট বাছ আস্থানত উপস্থিত হোৱাৰ লগে লগে বাছ আস্থানত উপস্থিত থকা তেওঁৰ পিতৃ-মাতৃ, বন্ধু-বান্ধৱ, শুভাকাংক্ষীয়ে তেওঁক কেনেকৈ আদৰণি জনাব, কেনেকৈ পৰিয়ালৰ মানুহে চেনেহ-চুমাৰে তেওঁক ওপচাই দিব— এইবিলাক ভাবি বিভোৰ হৈ থাকোঁতেই কেনেকৈনো ৯ ঘণ্টা পাৰ হৈ গ’ল, তেওঁ গমকে নাপালে। বাছ আহি যোৰহাট বাছ আস্থানত সোমাল। ভুমুকিয়াই চাই দেখা পালে— ঠিকেই, বহুত মানুহে তেওঁ অহালৈ ৰৈ আছে। বাছৰ পৰা নামি পোনে পোনেই পিতৃ ব্ৰজেন বৰপূজাৰীৰ ওচৰলৈ গৈ ভৰি চুই সেৱা জনালে। তাৰ পিছত তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰ’ল পিতৃৰ উষ্ম চুমালৈ। কিন্তু মূৰ তুলি দেখিলে পিতৃ নিৰ্বিকাৰ। তেখেতে পুত্ৰক মাত্ৰ ক’লে— ‘বাৰু জিতু, কচোন, ১৯৫৩ চনত মে¿ট্ৰকত কোন প্ৰথম হৈছিল·’ বাকীখিনি কথা জিতুদাৰ মুখেৰেই কওঁ— ‘মই মাত্ৰ এই এটি বাক্যৰে দেউতাই কি মেছেজ দিব বিচাৰিছিল গম পাই গ’লোঁ। হয়তো, মাত্ৰ পাঁচ বছৰ আগতে মে¿ট্ৰকত কোন প্ৰথম হৈছিল মোৰ দেখোন নামটোকে মনত নাই। তাৰমানে জীৱনত সফলতা লভাৰ ক্ষেত্ৰত এই পৰীক্ষাৰ ফলাফলৰ কোনো মূল্য নাই। পাঁচ বছৰৰ পিছত মোৰ নামো এইদৰে সকলোৱে পাহৰিব। জীৱনত সফলতা লভিবলৈ মই আৰু বহুত কৰিব লাগিব।’

পিতৃৰ সেই সাধাৰণ বাক্যষাৰত অন্তৰ্হিত বাণী জিতেন্দ্ৰগোপাল বৰপূজাৰীয়ে হৃদয়ংগম কৰিব পাৰিছিল। ফলত তেওঁ জীৱনত সফল হ’ল। বিশ্ব বেংকৰ তেওঁ মুখ্য অৰ্থনীতিবিদ হ’ব পাৰিলে। ইণ্টাৰনেচনেল মনিটাৰী ফাণ্ডৰ (IMF)ৰ উপদেষ্টা হ’ব পাৰিলে।

মই গভীৰভাৱে বিশ্বাস কৰোঁ— জিতেন্দ্ৰগোপাল বৰপূজাৰীয়ে দিয়া একে বাণীকেই পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাই ৰিয়ানক দিব আৰু ৰিয়ানৰ জৰিয়তে অসমৰ বুকুতেই এদিন সৃষ্টি হ’ব ৰাহুল দ্ৰাবিড়ৰ দৰে অন্য এজন মহান ক্ৰিকেটাৰৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments