Tuesday, May 17, 2022
HomeNewsৰায়ুডুৰ টুইটাৰৰ পৰা অন্তৰ্ধান অৱসৰৰ লোৱাৰ পোষ্ট!

ৰায়ুডুৰ টুইটাৰৰ পৰা অন্তৰ্ধান অৱসৰৰ লোৱাৰ পোষ্ট!

ৰায়ুডুৰ টুইটাৰৰ পৰা অন্তৰ্ধান অৱসৰৰ লোৱাৰ পোষ্ট!

অলিম্পিয়া প্ৰতিবেদন: আই পি এলৰ পৰা অম্বাটি ৰায়ুডুৰ অৱসৰ ঘোষণা । ২ ঘন্টাৰ পাছতেই ডিলিট কৰিলে টুইটাৰ পোষ্ট । সৃষ্টি হৈছে ক্ৰিকেট বিশ্বত তুমুল চৰ্চা । সৃষ্টি হৈছে ৰহস্যৰ ।

হঠাৎ অম্বাটি ৰায়ুডুৰ টুইটাৰৰ পৰা নোহোৱা হ’ল এক ছচিয়েল মিডিয়াৰ পোষ্ট ।তাৰপাছতেই জোকাৰি গ’ল ক্ৰিকেট ক্ষেত্ৰ । চলিত আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলপথাৰত অৱৰ্তীণ হৈছে ক্ৰিকেট তাৰকা অম্বাটি ৰায়ডু । ইতিমধ্যে, মহন্দ্ৰ সিং ধোনী নেতৃত্বৰ চি এছ কে দুৰ্বল প্ৰদৰ্শনৰ বাবে প্লে অফৰ পৰা বাদ পৰিছে । এনে সময়তে ৰায়ুডুৱে নিজৰ টুইটযোগে বিশ্ববাসীক জনাইছিল এক দুঃখবৰ । স্পষ্টকৈ উল্লেখ কৰিলে যে তেওঁ চলিত ছিজনৰ আই পি এলৰ পাছতে পৰা অৱসৰ গ্ৰহণ কৰিব । তেওঁ টুইটাৰযোগে লিখিলে, ” মই জনাবলৈ পাই সুখী যে, এই ছিজনেই মোৰ শেষ আই পি এল । যোৱা ১৩ টা বছৰে দুটাকৈ আই পি এল টীমৰ হৈ খেলি সুন্দৰ অভিজ্ঞতা আহৰণ কৰিলো । এই আশ্চৰ্যকৰ যাত্রাৰ সহযোগী মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছক ধন্যবাদ জ্ঞাপন কৰিলো ।”

আৰু অধিক পঢ়ক

এইকেইষাৰ বাক্য লিখিয়েই আই পি এলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল অম্বাটি ৰায়ুডুৱে । এইখিনিলৈকে ঠিকেই আছিল সকলো । চেন্নাইৰ প্লে অফৰ আশা শেষ হোৱাৰ পাছত এনে সিদ্ধান্ত ল’লে বুলি ধাৰণা কৰিছিল অনুৰাগীসকলে । কিন্তু সকলোকে আচৰিত কৰি, ২ ঘন্টাৰ পাছতে উক্ত টুইটো বিলুপ্ত কৰিলে অম্বাটি ৰায়ুডুৱে । অনুৰাগীসকলৰ মাজত প্ৰশ্নৰ উদয় হ’ল–অম্বাটি ৰায়ুডুয়ে সিদ্ধান্তৰ ওপৰত কিয় ললে ইউ টাৰ্ণ !

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, দেশৰ হৈ ৰায়ুডুৱে ২০১৩ বৰ্ষত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ ক্ৰিকেট কেৰিয়াৰ চালে চকুৰোৱা । ৫৫ খন এদিনীয়া আন্তৰ্জাতিক মেচত ৰায়ুডুৱে সংগ্ৰহ কৰিছে ১৬৯৪ ৰাণ । ইয়াৰ ভিতৰত আছে ৩ টা শতক আৰু ১০ টা অৰ্ধশতক । সেইদৰে, ২০১৬ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা তাৰকা ক্ৰিকেটাৰজনৰ ৬ খন টি-২০ আন্তৰ্জাতিকত ৰাণৰ অৱদান আছিল ৪২ ৰাণ । অম্বাটি ৰায়ুডুৱে চলিত ছিজনৰ আই পি এল এতিয়ালৈকে খেলা ১২ খন মেচত ২৭.১০ গড়ে সংগ্ৰহ কৰিছে ২৭১ ৰাণ । চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা বেটাৰজনৰ বেটৰ পৰা এই ছিজনত আহিছে এটা অৰ্ধশতক ।

এনে এগৰাকী তাৰকা ক্ৰিকেটাৰৰ দুমুখীয়া স্থিতিত স্তম্ভিত ক্ৰীড়া বিশ্ব । বিভিন্ন জনে বিষয়টো বিভিন্ন ধৰণেৰে চালিজাৰি চাইছে ।ৰহস্যঘন হৈ পৰিছে সমগ্ৰ টুইটাৰৰ পৰা পোষ্ট ডিলিট কৰা প্ৰসংগটো ।

জাডেজাৰ পাছত ধোনীৰ নেতৃত্বত থকা চেন্নাই ছুপাৰ কিংছৰ ভিতৰ চৰাত চলিছে নেকি অন্তঃকন্দল ? নে ৰায়ুডুয়ে কেৰিয়াৰৰ কথা সচাঁকৈ নতুনকৈ চিন্তা কৰিছে ?

এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আছে অম্বাটি ৰায়ুডুৰ অনুৰাগীয়ে । তথাপি অনুৰাগীসকলৰ আশা– আই পি এলত সদায় উজ্জীৱিত হৈ থাকক ৰায়ুডু । বেটৰ কোবেৰে নিজ দলক দিয়ক জয়ৰ সোৱাদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments