Tuesday, October 4, 2022
HomeNewsৰিঅ'ৰ ভুলৰ পৰা আহৰণ কৰা শিক্ষাৰে টকিঅ'লৈ সাজু হৈছে মীৰাবাঈ

ৰিঅ’ৰ ভুলৰ পৰা আহৰণ কৰা শিক্ষাৰে টকিঅ’লৈ সাজু হৈছে মীৰাবাঈ

১৯ মে’, গুৱাহাটী: বিশ্ব অভিলেখৰ গৰাকী ভাৰতীয় মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে পাঁচ বছৰ পূৰ্বে ৰিঅ’ অলিম্পিকত কৰা ভুলৰ পৰা আহৰণ কৰা শিক্ষাৰ জড়িয়তে আগন্তুক টকিঅ’ অলিম্পিকত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ পণ লৈছে।

যোৱা মাহত, মীৰাবাঈ চানুৱে প্ৰকাশ কৰিছিল যে ২০১৬চনৰ ৰিঅ’ অলিম্পিকৰ বিফলতাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। পুনৰ ক্ৰীড়া ক্ষেত্ৰত সক্ৰিয় ৰূপত উভতি আহিবলৈ তেওঁ এগৰাকী মনোবিজ্ঞানীৰ সহায় ল’বলগীয়া হৈছিল। তেওঁ কৈছিল যে, যোৱা অলিম্পিকৰ পৰা এগৰাকী ভাৰোত্তোলক হিচাপে তেওঁ নিজকে সলনি কৰাৰ উপৰিও আৰু tweaking techniques সলনি কৰিবলৈ সক্ষম হৈছে।

“ৰিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি মই বহুত শিকিলোঁ। দৰাচলতে, মই ৰিঅ’ৰ পৰা সকলো শিকিছোঁ – মোৰ দুৰ্বলতাৰ পৰা সেইবোৰ কেনেদৰে সংশোধন কৰিব লাগে, প্ৰতিযোগিতাত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত নিজকে কেনেদৰে উন্নত কৰিব লাগে।” সোমবাৰে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে টুইটাৰত আপলোড কৰা ভিড‌অ’ এইদৰে কৈছে চানুৱে।

উল্লেখযোগ্য যে, ৰিঅ’ অলিম্পিকত মীৰাবাঈ চানুৱে অত্যন্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত তেওঁৰ তিনিটা প্ৰচেষ্টাৰ এটাতো সফল হোৱা নাছিল। কিন্তু ইয়াৰ পিছৰে পৰা চানুৱে বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত সোণৰ পদক জয় কৰিছে।

মীৰাবাঈ চানুৱে উল্লেখ কৰা অনুসৰি তেওঁৰ আদৰ্শৰ খেলুৱৈ ভাৰতীয় মহিলা ভাৰোত্তোলক কুঞ্জৰানী দেৱী। তেওঁ কৈছে, “মই কুঞ্জৰানী মেডামৰ ফালে বেছিকৈ লক্ষ্য কৰোঁ, তেওঁ মণিপুৰৰ পৰা গৈ এগৰাকী শীৰ্ষ খেলুৱৈ হৈছিল। মই সদায়েই ভাবোঁ যে মই মেডামৰ দৰে হ’ব লাগিব, তেওঁৰ দৰে বহু পদক জিকিব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments