Tuesday, July 5, 2022
HomeNewsৰিয়ানৰ দৃষ্টিভংগী বিৰাট কোহলীৰ দৰে!

ৰিয়ানৰ দৃষ্টিভংগী বিৰাট কোহলীৰ দৰে!

ৰিয়ানৰ দৃষ্টিভংগী বিৰাট কোহলীৰ দৰে!

অলিম্পিয়া প্ৰতিবেদন: আকৌ ট্ৰলৰ বলি ৰিয়ান পৰাগ । ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ানৰ অশ্বিনলৈ খং। ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন যুৱ ক্ৰিকেটাৰ ৰিয়ান । ৰিয়ানৰ পৰাগৰ দৃষ্টিভংগী তুলনা কৰিলে বিৰাট কোহলীৰ সৈতে।

অসম সন্তান ৰিয়ানে বিগত বৰ্ষৰ তুলনাত চলিত ছিজনৰ আই পি এলত কিছু উন্নত প্ৰদৰ্শন আগবঢ়াইছে । কোবাইছে এটা অৰ্ধশতকো । ফিল্ডিঙতো ১৫ টা কেচ সংগ্ৰহ কৰি গঢ়িছে এক অভিলেখ । ইয়াৰ মাজতে ৰিয়ান বহুৱাৰ বিৰ্তকৰ মাজতো সোমাই পৰিছে । শেহতীয়াকৈ, আন এক সমালোচনাৰ সন্মুখীন হৈছে যুৱ ক্ৰিকেটাৰ ৰিয়ান । মংগলবাৰে ইডেন গাৰ্ডেনত চলি আছিল ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছৰ প্লে অফৰ মেচ । ১৮ অভাৰ ৩ টা বল যোৱাৰ পাছত খেলপথাৰত বেটিঙৰ বাবে প্ৰৱেশ কৰিছিল ৰিয়ান ।

আৰু অধিক পঢ়ক

অন্তিম অভাৰৰ অন্তিমটো বলত ৰিয়ানৰ ঘটিল এক ঘটনা । এই মেচতে নিজ দলৰে দুৰ্ধৰ্ষ বেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ওপৰত খং দেখুৱা পৰিলক্ষিত হৈছিল ৰিয়ানে । জোছ বাটলাৰৰ ন বলত আউট হোৱাৰ পাছত অশ্বিনে নন ষ্ট্ৰাইকাৰ এণ্ডত ৰিয়ান পৰাগৰ সৈতে ষ্ট্ৰাইকত আছিল ।

গুজৰাট টাইটানছৰ বলাৰ দয়ালে এটা ৱাইড বল পীটচত নিক্ষেপ কৰিছিল । অশ্বিনে এই বলটো বেটেৰে স্পৰ্শ নকৰি যাবলৈ দিছিল । পিছে ৰিয়ানে এক ৰাণৰ আশাত বেটিং এণ্ডলৈ দৌৰিছিল । তেওঁ প্ৰায় অশ্বিনৰ কাষত উপনীত হোৱাৰ উপক্ৰম হ’ল– কিন্তু এইয়া কি ! ষ্ট্ৰাইকাৰ ৰূপী অশ্বিনে এক ইঞ্চিও লৰচৰ নকৰা দেখি অবাক ৰিয়ান পৰাগ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আকৌ সুৰক্ষিত স্থানলৈ ঘূৰি যাবলৈও ৰিয়ানৰ বাবে বহু পলম হ’ল । ফলত অনায়াসে ৰিয়ান পৰাগক ৰাণ আউট কৰিলে গুজৰাট টাইটানছৰ খেলুৱৈয়ে । এইবাৰ, ৰিয়ানে ইংগিতেৰেই যেন অশ্বিনক সুধিলে- তেওঁ কিয় ৰাণটো নললে ? ৰিয়ানৰ চকুৱে মুখে উজলি উঠিছিল খং, হতাশা । ৰিয়ানে ৩ টা বলত ৪ ৰাণ কৰিয়েই পেভেলিয়নলৈ দুখমনেৰে উভতিল । সেইসময়ত কমেন্টেটৰেও ভাষ্য আগবঢ়ালে– “য়ে কিয়া তৰিকা হ্যে ! ”

প্লে অফৰ মেচত ৰাজস্থান ৰয়েলছ পৰাজিত হয় । অন্তিম অভাৰত ঘটা এই ঘটনাক একাংশ ক্ৰিকেট অনুৰাগীয়ে সমালোচনা কৰিছে ৰিয়ানক ।সামাজিক মাধ্যমত ৰিয়ানক চোকা সমালোচনা কৰাও পৰিলক্ষিত হৈছে । এজনে লিখিছে — ” ৰিয়ান পৰাগৰ দৃষ্টিভংগী বিৰাট কোহলিৰ দৰে আৰু কৌশল ৰিয়ান পৰাগৰ দৰে ।”

হয়তো, ৰিয়ানে ভাবিছিল অন্তিম বলত ষ্ট্ৰাইকত থাকি বাউণ্ডেৰী কোবাব । পিছে ৰিয়ানৰ সেই আশা যেন পূৰণ হ’ব নিদিলে অশ্বিনে । ৰাণ আউট হৈ বিষণ্ণ মনেৰে উভতিল ৰিয়ান ।
ৰাজস্থান ৰয়েলছ কোৱালিফায়াৰৰ প্ৰথম মেচত পৰাস্ত হলেও আছে ফাইনেললৈ যোৱাৰ আন এক সুযোগ । ক্ৰীড়া অনুৰাগীৰ আশা — পৰৱৰ্তী মেচত ৰিয়ানে দাঙি ধৰিব বেটিং বিক্ৰম । কোৱালিফায়াৰ -২ ৰ এলিমিনেটৰ মেচত জয়লাভ কৰি ৰাজস্থান ৰয়েলছ উপনীত হওক ফাইনেলত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments